মণিপুৰত মাতৃ-কন্যাৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৯জনলৈ বৃদ্ধি…

মণিপুৰত মাতৃ-কন্যাৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৯জনলৈ বৃদ্ধি…
  • মণিপুৰত দুগৰাকী মহিলা কোৰোনা ভাইৰাছত আক্ৰান্ত।
  • কোভিড-১৯ত আক্ৰান্ত দুগৰাকীৰ ভিতৰত এগৰাকী ৬৪ বছৰীয়া মহিলা আৰু আনগৰাকী তেওঁৰে ২৩ বছৰীয়া কন্যা ।
  • জানিব পৰা মতে, তেওঁলোক মণিপুৰৰ কামজং জিলাৰ নিবাসী।
  • শেহতীয়াকৈ তেওঁলোক দিল্লীৰ পৰা ঘূৰি আহিছিল মণিপুৰলৈ।
  • যোৱা ১৬ মে', ২০২০ত তেওঁলোক দিল্লীৰ পৰা আহি ইম্ফলত উপস্থিত হয়।
  • কোভিড-১৯ত আক্ৰান্ত দুয়োগৰাকীকে আৰআইএমএছৰ কোভিড-১৯ কেয়াৰ চেন্টাৰত ৰখা হৈছে।
  • উল্লেখ্য যে, ৰাজ্যখনত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে।
  • আৰু ইয়াৰে ৭গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in