মণিপুৰত কাঙপকপীত উত্তপ্ত পৰিস্থিতিঃ আছাম ৰাইফলছৰ মেজৰৰ গুলীত নিহত নিৰীহ গঞা…

মণিপুৰত কাঙপকপীত উত্তপ্ত পৰিস্থিতিঃ আছাম ৰাইফলছৰ মেজৰৰ গুলীত নিহত নিৰীহ গঞা…

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ কাংপকপী জিলাত আছাম ৰাইফলছৰ মেজৰে এগৰাকী নিৰীহ গঞাক গুলীয়াই নিহত কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে নিশা প্ৰায় ৯ বজাত মণিপুৰৰ কাংপকপী জিলাৰ গেলনেল গাঁৱত থকা ৪৪ নং আছাম ৰাইফলছৰ মেজৰ অলক শেঠ , ৰাইফলমেন অমৰ আৰু অন্য দুজন জোৱানে অসামৰিক পোছাকত চলৱা গাঁৱত অভিযান চলাই মাঙবৈলাল লহভুম নামৰ এগৰাকী নিৰীহ লোকক ঘৰৰ পৰা উঠাই আনে ।

লোকজনক মেজৰ অলকে নিজৰ ছাৰ্ভিছ ৰাইফলৰে পথৰ কাষত থিয় কৰাই গুলীয়া আহত কৰে। গুৰুত্বভাৱে আহত হৈ পৰা লোকজনক আছাম ৰাইফলছৰ দলটোৱে প্ৰথমে টিবাইছং গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসা বাবে কাংপকপী জিলা হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বে লোকজনৰ মৃত্যু হয় । দেওবাৰে পুৱা আছাম ৰাইফলছৰ এই বৰ্বৰ ঘটনাৰ খবৰ লাভ কৰাৰ পিছত কুকি নাগৰিক সমাজ তথা বিভিন্ন জাতীয় দল – সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ।

লগে লগে গাঁৱখনৰ জনতাই আছাম ৰাইফলছ চকী ঘেৰাও কৰি মেজৰ গৰাকী গ্ৰেপ্তাৰ দাবী জনায়। কিন্তু আৰক্ষীয়ে আস্পা আইন। দোহাই দি মেজৰজনক আটক কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও কাঙপকপী জিলাত উত্তেজনা বিয়পি পৰাত অৱশেষত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে মেজৰ অলক শেঠক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে ।

বৰ্তমান জানিব পৰাৰ মতে, এই ঘটনাৰ সমাধান নোহোৱালৈকে গাঁৱবাসীয়ে ব্যক্তি গৰাকীৰ মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰিছে । পৰিস্থিতি অধিক জটিল হোৱাৰ শংকা কৰি কাইলৈ সেনাৰ ব্ৰিগডিয়াৰ আৰোৰা আৰু আছাম ৰাইফলছৰ চেক্টৰ কামাণ্ডাৰে আৰু স্থানীয় বিধায়কৰ মাজত এক বৈঠক অনুষ্ঠিত কৰিছে । ইফালে আছাম ৰাইফলছৰ এই সমগ্ৰ হত্যাকাণ্ডৰ কুকি চিভিল ছ'চাইটি ছাত্ৰ সংগঠনে নিন্দা কৰাৰ লগতে উচিত তদন্ত কৰি মেজৰ শেঠক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in