ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক

ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক

ডিজিটেল ডেস্কঃ মণিপুৰৰ এজন সাংবাদিকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বিহা হৈছে এবছৰৰ কাৰাদণ্ড৷ শাসকীয় বিজেপি দলৰ নেতা তথা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰি ছ'চিয়েল মিডিয়াত পোষ্ট দিছিল এইগৰাকী সাংবাদিকে৷ ৩৯ বছৰীয়া কিশোৰীচন্দ্ৰা ৱাংখেম সাংবাদিক গৰাকীক মণিপুৰ আৰক্ষীয়ে ২৭ নৱেম্বৰত আটক কৰিছিল৷ ফেছবুকত দিয়া এটা ভিডিঅ'ত সাংবাদিকগৰাকীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷

ভিডিঅ'টোত কিশোৰীচন্দ্ৰা ৱাংখেমে মুখ্যমন্ত্ৰী বীৰেণ সিঙক মোডীৰ পুতলা আখ্যা দিছিল৷ মণিপুৰত ঝান্সীৰাণী লক্ষ্মীবাঈৰ জন্মোৎসৱ পতাক লৈ প্ৰশ্ন তুলিছিল সাংবাদিকগৰাকীয়ে৷ ইয়াক লৈ তেওঁ প্ৰত্যাহ্বান জনোৱাৰ লগতে এই পোষ্টটো দিয়াৰ পূৰ্বে স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ পৰা চাকৰি ত্যাগ কৰিছিল৷ মণিপুৰৰ স্বাধীনতা যুঁজাৰু সকলক অৱজ্ঞা নকৰিবলৈ সোৱৰাই দিছিল সাংবাদিকগৰাকীয়ে৷

ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি চৰকাৰৰ বিৰুদ্ধাচৰণ কৰাৰ অভিযোগ সাংবাদিকগৰাকীক আটক কৰা হয়৷ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত সাংবাদিক গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ এই ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in