দেশৰ ভিতৰতে প্ৰথমখন মেলেৰিয়া মুক্ত ৰাজ্য হ’ব মণিপুৰ…

দেশৰ ভিতৰতে প্ৰথমখন মেলেৰিয়া মুক্ত ৰাজ্য হ’ব মণিপুৰ…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ ভিতৰত 'মেলেৰিয়া মুক্ত' ৰাজ্য (zero malaria status) হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হৈছে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ। ২০২২ চনৰ ভিতৰত মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে ৰাজ্যখনে। উল্লেখ্য যে, দেশক মেলেৰিয়া মুক্ত কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ ১০ বছৰৰ পূৰ্বেই মণিপুৰে আহৰণ কৰিব পাৰে এই স্বীকৃতি।

মণিপুৰৰ ৰাজ্যপাল ডঃ নাজমা হেপটুল্লাই ৰাজ্যখনক এই লক্ষ্যত উপনীত কৰোৱাৰ বাবে ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰ পৰা ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগত প্ৰশাসনৰ সৈতে মিলি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই বিষয়ৰ সন্দৰ্ভত আমাৰ সাংবাদিকৰ সন্মুখত তেওঁ সবিস্তাৰে উল্লেখ কৰি কয় যে, 'বিভাগীয় বিষয়া কৰ্মচাৰী আৰু স্থানীয় প্ৰশাসন, ৰাইজ সকলো একত্ৰিত হৈ মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে মণিপুৰক গঢ় দিয়াৰ উদ্দেশ্য অহোপুৰুষাৰ্থ কৰিছে।' তেওঁ লগতে কয় যে, 'ৰাজ্যখনত ম'হে প্ৰজননৰ স্থান হিচাপে ব্যৱহাৰ কৰিব পৰা যথেষ্ট জলাশয় আছে, সেয়েহে প্ৰথমেই আমি এই দিশত এক সচেতনতা অনাৰ চেষ্টা কৰিছো।'

ৰাজ্যপাল গৰাকীয়ে লগতে জনায়, ২০১৯ বৰ্ষৰ ২৫ এপ্ৰিলত বিশ্ব মেলেৰিয়া দিৱসত মণিপুৰৰ এজন বিষয়াৰ মতে, ভাৰতৰ ভিতৰত সৰ্বাধিক মেলেৰিয়া আক্ৰান্ত ৰাজ্যখন হৈছে ওড়িশা (২৫ শতাংশ)। উল্লখ্য যে, বিশ্বৰ ৮৭ খন দেশ সাঙুৰি চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে, সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতত মেলেৰিয়াত আক্ৰান্ত হয় ৪ শতাংশ লোক।

এনে প্ৰেক্ষাপটত মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে মণিপুৰক গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য প্ৰশাসন বহু পৰিমাণে সফল হোৱা বুলি দাবী কৰি ৰাজ্যপাল ডঃ নাজমা হেপাটুল্লাই কয়, সমগ্ৰ দেশৰ ভিতৰত সবাতোকৈ কম মেলেৰিয়া প্ৰভাৱিত ৰাজ্য হিচাপে বৰ্তমান মণিপুৰে এক চিনাকি লাভ কৰিছে। দেশৰ সকলো ৰাজ্যৰ ভিতৰত মেলেৰিয়া সৈতে হোৱা যুজঁখনত মণিপুৰৰ প্ৰদৰ্শন অতি প্ৰশংসনীয় বুলিও তেওঁ কয়।

এই খিনিতে উল্লেখ কৰিব লাগিব যে, মণিপুৰত দিনক দিনে হ্ৰাস পাইছে মেলেৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। ২০১৪ চনত মেলেৰিয়াত আক্ৰান্ত হৈ ৰাজ্যখনত মৃত্যু হৈছিল ১৪৫ গৰাকীৰ। ২০১৭ চনত ইয়াৰ সংখ্যা ৮০ গৰাকীলৈ হ্ৰাস পায়। ৰাজ্যখনৰ পাৰ্বত্য জিলা সুৰচান্দপুৰ আৰু ফেৰজ'লত ২০১৮ বৰ্ষত মেলেৰিয়াত আক্ৰন্ত লোকৰ সংখ্যা মাত্ৰ ১২ জন। উল্লেখযোগ্য যে, ২০১৩ চনৰ পৰা এই জিলা দুখনত মেলেৰিয়াত আক্ৰান্ত হৈ এজনো লোকৰ মৃত্যু হোৱা নাই।

এনেদৰেই ২০২১ চনৰ ভিতৰত মণিপুৰক সম্পূৰ্ণভাৱে মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে বিভিন্ন অভিযান চলাই থকা হৈছে। উদাহৰণস্বৰূপে, প্ৰাৰম্ভিক পৰ্যায়তে যাতে মেলেৰিয়া ৰোগ চিনাক্ত কৰি তাক নিৰ্মূল কৰিব পৰা যায় তাৰ বাবে উচিত কাৰ্যপন্থা লোৱা হৈছে। সকলো কাম সুচাৰুৰূপে সম্পন্ন হ'লে অচিৰেই দেশৰ ভিতৰতে প্ৰথম খন মেলেৰিয়া মুক্ত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিব মণিপুৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in