শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

৩০০০টকাতে মণিপুৰত হেলিকপ্টাৰেৰে এপাক!

440

ডিজিটেল সংবাদ, ইম্ফলঃ চুবুৰীয়া ৰাজ্য মণিপুৰৰ যাতায়তৰ ক্ষেত্ৰত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ। মণিপুৰৰ বাসিন্দাসকলৰ যাতায়তৰ ক্ষেত্ৰত সংযোগ হ’ল হেলিকপ্টাৰ সেৱাৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে ৰাজ্যখনৰ হৰিনগৰত উদ্বোধন কৰে হেলিকপ্টাৰ সেৱাৰ।

প্ৰথমবাৰৰ বাবে ইম্ফলৰ পৰা জিৰিবামলৈ উৰা মাৰে পৱনহংসৰ এখন হেলিকপ্টাৰ। পৰিবহণ আয়ুক্ত এম লক্ষ্মীকুমাৰে সদৰী কৰা অনুসৰি সপ্তাহটোৰ দেওবাৰ আৰু অন্যান্য বন্ধৰ দিনত উপলব্ধ নহ’ব হেলিকপ্টাৰ সেৱা। প্ৰতিজন যাত্ৰীয়ে এবাৰ যাত্ৰা কৰাৰ বাবদ দিব লাগিব ৩০০০ টকা।

মণিপুৰ ৰাজ্য চৰকাৰৰ পাহাৰীয়া এলেকা সমূহৰ উন্নয়নৰ পদক্ষেপ হিচাবে আৰম্ভ কৰা হয় এই সেৱাৰ। হেলিকপ্টাৰ সেৱাৰ আৰম্ভ কৰাৰ পূৰ্বে মঙলবাৰে পৰীক্ষামূলকভাৱে মণিপুৰৰ আকাশত পৱনহংসৰ এখন হেলিকপ্টাৰো উৰুৱা হয়।

এই সেৱাৰ শুভাৰম্ভ কৰি চৰকাৰে আৰু বহু এনেধৰণৰ কাম কৰিব বুলিও জনায় মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। ইফালে ৰাজ্যখনৰ আকাশত হেলিকপ্টাৰ উৰাকলৈ মণিপুৰৰ বাসিন্দা সকলে বহুদিনীয়া এটা সপোন পূৰণ হ’ল বুলিও সংবাদমাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি