মণিপুৰত বোমা বিস্ফোৰণ, আহত দুজন ৰোগী…

মণিপুৰত বোমা বিস্ফোৰণ, আহত দুজন ৰোগী…


ডিজিটেল সংবাদ,ৱাখা : মণিপুৰৰ ৰিজঅনেল ইনষ্টিটিউট অৱ মেডিকেল চাইন্স এণ্ড হাস্পাতলৰ চৌহদত সোমবাৰে পুৱা সংঘটিত এক বোমা বিস্ফোৰণত দুজন ৰোগী গুৰুত্বভাৱে আহত হয় । প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে পুৱা ৯:৩০ বজাত আৰ আই এম এছ গেটৰ ওচৰত দুৰ্বত্তই সংস্থাপিত কৰা বোমাটো বিস্ফোৰণ ঘটাত চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰিবলৈ যোৱা এহাল ৰোগী দম্পতি আহত হয় ।

আহত হোৱা লোক দুজন ক্ৰমে পাপাও আৰু তেওঁৰ পত্নী হয়পী বুলি চিনাক্ত কৰা হৈছে । দুয়ো গৰাকী ব্যক্তিক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰাই । ঘটনাৰ সন্দৰ্ভত ইম্ফৰ আৰক্ষী অধীক্ষ টি নগাছাভাই কয় — উৎসৱ আৰু কভিড ৰোগীৰ ভিৰ সময়ত কোনোবা দুৰ্বৃত্তই জনসাধাৰণক আতংকিত কৰিবলৈ চিকিৎসালয়ত সহজ লক্ষ্য কৰি লৈছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ ব্যাপক অভিযান আৰম্ভ কৰিছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in