মণিপুৰত থাকিবনে বিজেপি চৰকাৰ! আজি বিধানসভাত ফ্লৰ টেষ্ট…

মণিপুৰত থাকিবনে বিজেপি চৰকাৰ! আজি বিধানসভাত ফ্লৰ টেষ্ট…

ডিজিটেল ডেস্কঃ মণিপুৰৰ ৰাজনৈতিক সংকট অৱসান পৰিবনে! বহুতৰে মনত এই প্ৰশ্নৰ উদয় হৈ থকাৰ সময়তে সোমবাৰে বিধানসভাত ফ্লৰ টেষ্টৰ জৰিয়তে সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। সেইহেতুকে সোমবাৰে মণিপুৰ বিধানসভাই এদিনীয়া বিশেষ অধিৱেশন আয়োজন কৰিছে।

মণিপুৰ বিধানসভাৰ সচিব এম ৰমণীয়ে জাৰি কৰা নটিচ অনুসৰি মুখ্যমন্ত্ৰীয়ে সোমবাৰে সংখ্যাগৰিষ্ঠতাৰ প্ৰস্তাৱ ৰাখিব আৰু মন্ত্ৰী পৰিষদ ফ্লৰ টেষ্টত অৱৰ্তীণ হব। উল্লেখ্য যে, ইতিমধ্যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিজ নিজ বিধায়কক হুইপ জাৰি কৰিছে। প্ৰনিধান যোগ্য যে, কিছুদিনৰ আগতে চাৰি মন্ত্ৰী আৰু তিনি বিধায়কে পদত্যাগ কৰাৰ পাছতে শলঠেকত পৰিছিল মণিপুৰৰ বীৰেন সিং চৰকাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in