এন বীৰেন সিঙ চৰকাৰৰ ৰোষত পৰা মণিপুৰৰ ‘লেডি সিংহম’ থাউনাওজাম ব্ৰিন্দা…

এন বীৰেন সিঙ চৰকাৰৰ ৰোষত পৰা মণিপুৰৰ ‘লেডি সিংহম’ থাউনাওজাম ব্ৰিন্দা…

এগৰাকী নিষ্ঠাবান আৰক্ষী বিষয়া। যি গৰাকীয়েই নিজৰ কৰ্মস্থলী বা জন্মভূমিক ভালপোৱাই নহয়, অপৰাধ মুক্ত সুন্দৰ সমাজ এখনৰ সপোনক বাস্তৱ ৰূপ দিব বিচাৰে। সেয়ে ড্ৰাগছ মাফিয়া, উগ্ৰপন্থী আৰু অন্ধকাৰ জগতৰ বহু দাগী অপৰাধীৰ বিৰুদ্ধে নিজৰ প্ৰাণৰ সংশয়ক তুচ্ছ জ্ঞান কৰি জপিয়াই পৰিব বিচাৰিছিল। কিন্তু দেশৰ ৰাজনীতি বহু ক্ষেত্ৰত এতিয়া অপৰাধী চক্ৰৰ জালত বন্দী। শাসন ব্যৱস্থাৰ লাইখুটাও এই চক্ৰৰ হেচাত থৰক বৰক। এনে পৰিস্থিতিৰ গ্ৰাসৰ পৰা দেশ তথা সমাজক ৰক্ষা কৰাৰ তাগিদাতে হিন্দী চিনেমাৰ নায়ক সিংহমৰ দৰে অপৰাধীৰ ওপৰত জপিয়াই পৰিছিল এগৰাকী মহিলা আৰক্ষী বিষয়া। কিন্তু ফল হ'ল ওলোটা।কিয়নো আইনৰ শাসন ন্যায়ৰ পক্ষৰ পৰা আঁতৰিবলৈ ধৰিছে। সেয়েহে ন্যায় বিচাৰিও এতিয়া হাবাথুৰি খাব লগা হৈছে মণিপুৰৰ সেইগৰাকী মহিলা আৰক্ষী বিষয়া। যাৰ ওপৰত মণ্টুচ্ কোঁৱৰে যুগুটোৱা এক বিশেষ প্ৰতিবেদন…

তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে আদালত অৱমাননাৰ গোচৰ । হাই প্ৰফাইল ড্ৰাগছ স্মাগলাৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এন বীৰেন সিঙ চৰকাৰৰ ৰোষত পৰা মণিপুৰৰ এই সাহসী মহিলা আই পি এছ আৰক্ষী বিষয়া গৰাকী হৈছে মণিপুৰ পুলিচৰ ৯ নং এ আৰ বিৰ মহিলা বেটিলিয়নৰ অতিৰিক্ত আৰক্ষী অধীক্ষক থাউনাওজাম ব্ৰিন্দা ।

মণিপুৰী জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু ড্ৰাগছ আসক্ত নৱ প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৰ্তব্য নিষ্ঠাৰ বাবে তেওঁ মণিপুৰৰ ইতিহাস প্ৰসিদ্ধ টিকেন্দ্ৰজিত ৰাজবংশৰ পৰিয়ালৰ সদস্যা হৈও ন্যায়ৰ বাবে এতিয়া আদালতত যুজঁ দিছে । মণিপুৰী বিদ্ৰোহী সংগঠনৰ ইউ এন এল এফৰ মুৰব্বী ৰাজকুমাৰ আৰ কে মেঘনৰ বোৱাৰী তথা অত্যন্ত দৃঢ়মনা অথচ আপোচবিহীন নাৰী থাউনাওজাম ব্ৰিন্দাই সম্প্ৰতি ড্ৰাগছৰ ব্যবসায়ী আৰু মণিপুৰৰ শীৰ্ষ ৰাজনৈতিক নেতাৰ নেক্সাচৰ বহু গোপন তথ্য ৰাজহুৱা কৰি সম্প্ৰতি দেশজুৰি চৰ্চা লৈ আহিছে ।

থাউনাওজাম ব্ৰিন্দা

মণিপুৰৰ নৱ প্ৰজন্মক মৰাত্মক ড্ৰাগছ কৰাল গ্ৰাসৰ পৰা মুক্তি দিয়াৰ স্বাৰ্থত তেওঁ দিয়া এই আপোচবিহীন যুজঁখনৰ বাবে সম্প্ৰতি এন বীৰেণৰ সিঙৰ চৰকাৰৰ ৰোষত পৰিছে । ৰাজনীতি আৰু অপৰাধ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । শাসনৰ নামত মণিপুৰৰ একাংশ ৰাজনৈতিক নেতাই বছৰ বছৰ ধৰি কেনেদৰে ড্ৰাগছৰ বিশাল ক'লা সাম্ৰাজ্যখন চলাই আছে সেই তথ্য পোহৰলৈ অনাৰ বাবে এই গৰাকী মণিপুৰ অসামৰিক সেৱাৰ আৰক্ষী বিষয়া থাউনাওজাম ব্ৰিন্দাই সম্প্ৰতি সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে।

কি আছিল ব্ৰিন্দা বিৰুদ্ধে অভিযোগ? প্ৰকৃততে মণিপুৰ উচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে আদালত অৱমাননা অভিযোগ উত্থাপিত হৈছে । আৰু এই অভিযোগৰ প্ৰত্যুত্তৰত আদালত দাখিল কৰা নিজৰ শপতনামাত থাউনাওজাম ব্ৰিন্দাই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ড্ৰাগছ স্মাগলিঙৰ গোচৰ গ্ৰেপ্তাৰ কৰা চান্দেল জিলাৰ স্বায়ত্ত পৰিষদৰ প্ৰাক্তন চেয়াৰমেন কিংগপিন লুখোছেই থউক মুকলি কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি ছচিয়েল মিডিয়া ফেচবুকত বিস্ফোৰক মন্তব্য কৰিছিল ।

থাউনাওজাম ব্ৰিন্দা

এগৰাকী আৰক্ষী বিষয়া হিচাপে ব্ৰিন্দাই ৰাষ্ট্ৰযন্ত্ৰই বলৱৎ কৰা আইন প্ৰয়োগ কৰিবলৈ গৈ কিদৰে ৰাজনৈতিক নেতাৰ মুনাফাৰ স্বাৰ্থত অবাঞ্চিত হস্তক্ষেপ আৰু হেঁচাৰ সন্মুখীন হ'ব লগা হয় তাক সাহসিকতাৰে উন্মোচিত কৰিছে । মণিপুৰৰ এই বহু চৰ্চিত হাইপ্ৰফাইল ড্ৰাগছৰ ঘটনাটো আছিল ২০১৮ চনৰ ১৯ জুনৰ । সেই দিনা মণিপুৰৰ ড্ৰাগছ আৰু নাৰ্কটিকছ বিভাগৰ সৈতে প্ৰাক্তন অতিৰিক্ত আৰক্ষী অধীক্ষক থাউনাওজাম ব্ৰিন্দাই ৱেষ্ট ইম্ফল আৰক্ষীৰ সহযোগত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পত্নী অলিছিৰ সম্পৰ্কীয় তথা চান্দেল জিলা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন চেয়াৰমেন লুখোছেই থউৰ কোৰ্ৱাটৰত ড্ৰাগছৰ সন্ধানত অভিযান চলাই প্ৰায় ২৫ কোটি টকাৰ মূল্যৰ ৪ কেজি ৫৯৫ গ্ৰাম হেৰইন ,২ লাখ ৮০ হাজাৰ ২০০টা শক্তিবৰ্ধক ৱৰ্ল্ড য়ৰছ টেবলেট, নগদ ৫৭ লাখ ১৮ হাজাৰ টকা আৰু ৯৫ হাজাৰ পুৰণি নোট জব্দ কৰিছিল।

থাউনাওজাম ব্ৰিন্দাই জব্দ কৰা আপত্তিজনক সামগ্ৰী

বিয়লি চাৰে চাৰি বজাৰ পৰা চলা এই মাৰাথন অভিযান মাজনিশা পৰ্যন্ত চলিছিল। এই অভিযান চলি থকাৰ সময়তে বিজেপিৰ ৰাজ্যিক উপসভাপতি মৈৰাঙথম অশ্বিনি কুমাৰে হোৱাটছ এপ কলেৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে বাৰ্তালাপ কৰায় । আৰক্ষী বিষয়া ব্ৰিন্দাই তেতিয়া মুখ্যমন্ত্ৰী বীৰেন সিঙক চান্দেল জিলাৰ এগৰাকী স্বায়ত্ত পৰিষদৰ সদস্যৰ ঘৰত ড্ৰাগছ বিৰুদ্ধে অভিযান চলাবলৈ গৈ থকাৰ কথা অৱগত কৰে । বীৰেন সিঙে ব্ৰিন্দা এই কাৰ্যক প্ৰশংসা কৰি ড্ৰাগছ পালে সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

থাউনাওজাম ব্ৰিন্দা

কিন্তু এই ঘটনাৰ পাছতেই পৰিস্থিতিৰ নাটকীয় পৰিৱৰ্তন হয় । লুখোছেই ঘৰত অভিযান চলোৱাৰ সময় চেয়াৰমেন গৰাকীয়ে ব্ৰিন্দাক বাৰে বাৰে বুজাবুজি কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু থাউনাওজাম ব্ৰিন্দাই সেই প্ৰস্তাৱ দৃঢ়তাৰে প্ৰত্যাখ্যান কৰে । ইয়াৰ পিছদিনাই বিজেপিৰ উপসভাপতি মৈৰাঙথম অশ্বিনি কুমাৰে ব্ৰিন্দাৰ আবাসত প্ৰবেশ কৰি খঙেৰে লুখোছেইক মুখ্যমন্ত্ৰীয়ে মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে বুলি কয়, যিহেতু গ্ৰেপ্তাৰ কৰা লোকজন স্বায়ত্ত পৰিষদৰ চেয়াৰমেনজন মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পত্নী অলিছিৰ সোঁহাত স্বৰূপ সেয়ে তেওঁক শীঘ্ৰে এৰি দিবলৈ হেঁচা দিয়ে ।

দক্ষতাৰ বাবে বঁটা গ্ৰহণৰ সময়ত থাউনাওজাম ব্ৰিন্দা

বিজেপিৰ নেতাজনৰ এনে সকীয়নি পিছত ব্ৰিন্দাই প্ৰত্যুত্তৰ কৈছিল লুখোছেইক মুকলি কৰি দিয়া সম্ভৱপৰ নহয় কিয়নো তেওঁক ১৫০ গৰাকী আৰক্ষীৰ সন্মুখত হাতে- লোটে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁক মুকলি কৰি দিয়া বিষয়টো আদালত ওপৰত এৰি দিছে । তেওঁ লুখোছেইক এৰি দিয়া নিদিয়াত সন্দৰ্ভত এতিয়া একো কৰিব নোৱাৰে । বিজেপি নেতা মৈৰাঙথম অশ্বিনি কুমাৰে প্ৰায় তিনিবাৰকৈ এ ডি চি চেয়াৰমেনজনক এৰি দিবলৈ ৰাজনৈতিক হেঁচা দিয়াত ব্ৰিন্দাই পুনৰ স্পষ্ট কৰি দিছিল যে মণিপুৰৰ এন বীৰেন সিঙৰ বিজেপি চৰকাৰখন কম দিনৰ অভিজ্ঞতাৰে আগবাঢ়িছে গতিকে এনেধৰণৰ ঘটনাই চৰকাৰক ভৱিষ্যতে বিপদত পেলাব।

থাউনাওজাম ব্ৰিন্দা

এই সিদ্ধান্ত উচিত নহয়। প্ৰয়োজন হলে তেওঁ চাকৰি এৰিব তথাপি নিজৰ সিদ্ধান্ত অটল থাকিব। তেওঁ দিল্লীৰ অনুৰোধতহে চাকৰিলৈ উভতি আহিছে । গতিকে নিজৰ কৰ্তব্যত সন্তষ্টি লাভ নকৰিলে এই আৰক্ষী চাকৰি ইস্তাফা দিব। তথাপিও মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পত্নীৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে মোৰ আৰক্ষী সেৱাৰ বিশ্বাসযোগ্যতা আৰু গৰিমা নষ্ট কৰিব নোৱাৰো । মই এটা অপৰাধীক কেতিয়াও এৰি দিব নোৱাৰো বুলি মন্তব্য কৰে ব্ৰিন্দাই । ইয়াৰ পিছত এছ পি আৰু ডিজিপিয়ে থাউনাওজাম ব্ৰিন্দাক মণিপুৰ আৰক্ষীৰ মুখ্যকাৰ্যালয়লৈ মতাই নি অভিযোগৰ সন্দৰ্ভত সোধা পোছাৰ অন্তত চি জি এম কৰ্টৰ পৰা গোচৰৰ চাৰ্জশ্বিট প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

কিন্তু নিজৰ আদৰ্শত অটল ব্ৰিন্দাই ডি জি পিৰ নিৰ্দেশ নস্যাৎ কৰে। লগে লগে পিছদিনা পুৱা মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ব্ৰিন্দাক নিজৰ আবাসলৈ মতাই নি কৰ্কথনা কৰে । আশ্বৰ্যকৰ কথা যে যিগৰাকী মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সমাজৰ সুশাসনৰ স্বাৰ্থত এদিন পূৰ্বে ড্ৰাগছ স্মাগলাৰক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল সেই একেজন বীৰেন সিঙে পিছদিনাই আকৌ পত্নীৰ ৰাজনৈতিক স্বাৰ্থৰ পূৰণ বাবে এগৰাকী অপৰাধী এৰি দিবলৈ নিৰ্দেশ দিব পাৰে তাকে লৈ ব্ৰিন্দা যথেষ্ট হতাশ হৈছিল ।

উল্লেখযোগ্য যে ইয়াৰ পিছত চৰকাৰৰ পৃষ্ঠপোষকতাত আদালতৰ মজিয়াত লুখোছেই বিৰুদ্ধে ছাৰ্জশ্বিট প্ৰত্যাহাৰ বাবে তীব্ৰ হেঁচা চলিল । তাৰ মাজতেই ড্ৰাগছ ব্যৱসায়ত জড়িত লুখোছেইক চৰকাৰৰ হস্তক্ষেপত জামিন প্ৰদান কৰা হ'ল । আদালতৰ এই সিদ্ধান্তৰ বাবে অৱশেষত থাউনাওজাম ব্ৰিন্দাই ন্যায়ৰ আসনত বহি থকাসকলৰ নিৰেপেক্ষ ভূমিকাৰ ওপৰত ফেচবুকত নিজৰ মন্তব্য ৰাজহুৱা কৰিবলৈ বাধ্য হৈছিল । যাৰ বাবে এই সাহসী আই পি এছ আৰক্ষী বিষয়া গৰাকী দেশজুৰি চৰ্চালৈ আহে ।

নিজৰ ফেচবুক মন্তব্যৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি ব্ৰিন্দাই মন্তব্য- "মোৰ ফেচবুক মন্তব্যই ন্যায় আৰু আইন প্ৰশাসনৰ ওপৰত হস্তক্ষেপ কৰাৰ অৰ্থ নুবুজায়। ন্যায়িক বিষয়াৰ আচৰণ আৰু চৰিত্ৰj ওপৰত নিশ্চয় নিৰেপেক্ষ সমালোচনা কৰা হ'ব পাৰে। এগৰাকী ন্যায়ধীশে যি কাম কৰা উচিত সেয়া তেওঁ কৰা নাছিল । কাৰণ ন্যায়ধীশৰ আসনখন এখন অতি সন্মানৰ আসন ।"

আইনৰ এই সন্মানীয় আসনখনৰ বাবে গৰিমা ৰক্ষাৰ স্বাৰ্থত তেওঁ ছচিয়েল মিডিয়াত ৰাজহুৱা মন্তব্য কৰিবলৈ বাধ্য হৈ পৰিছে। থাউনাওজাম ব্ৰিন্দাই কয় তেওঁ যি কৰিছে সেয়া সমাজৰ হিতৰ আৰু ন্যায়ালয়ৰ পবিত্ৰতা আৰু বিশ্বাসযোগ্যতা ৰক্ষাৰ বাবে কৰিছে। কিন্তু একাংশই তেওঁকলৈ যি ৰাজনীতি কৰিছে তাকলৈ মুঠেই আক্ষেপ নাই । উত্তৰ পূৰ্বাঞ্চলৰ এই গৰাকী সাহসী আৰু অত্যন্ত দৃঢ়মনৰ মহিলা আৰক্ষী বিষয়া থাউনাওজাম ব্ৰিন্দাৰ এই সমাজ, জাতিৰ স্বাৰ্থত সমাজৰ অপশক্তিসমূহক উৎখাত কৰিবলৈ যুজঁ দিয়া বিষয়টোৱে সম্প্ৰতি সমাজলৈ এটা শুভবাৰ্তা কঢ়িয়াইছে ।

ব্ৰিন্দাই কৈছে– "History will record all the name etched in stone, including those who are up against the people and justice . Those who are working against the interest of the people .Your children will read your name from history of what you did for them . What legacy you are leaving. behind for them . Except for generation of shame ."

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in