১০ দিন ধৰি নিৰুদ্দেশ যুৱতীঃ পৰিয়ালৰ সহায় বিচাৰি আহ্বান

১০ দিন ধৰি নিৰুদ্দেশ যুৱতীঃ পৰিয়ালৰ সহায় বিচাৰি আহ্বান

ডিজিটেল সংবাদ ছমৰীয়া: বকোৰ এগৰাকী যুৱতী বিগত দহ দিনে নিৰুদ্দেশ হৈ থকা খবৰে কামৰূপ জিলাৰ বকোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।যুৱতী গৰাকী সন্ধানহীন হোৱাৰ দিনৰে পৰা যুৱতীগৰাকীৰ পৰিয়ালত হাহাকাৰ সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য অনুসৰি বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বকো আৰক্ষী থানাৰ অধীনৰ কালিয়াবড়ী গাওঁৰ বাসিন্দা মুহিন দাস আৰু জোনালী দাসৰ প্ৰায় ২১ বছৰীয়া ছোৱালী মনিকা দাস যোৱা ১২ জুলাই তাৰিখে সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে।

বুধবাৰে এই সন্দৰ্ভত পৰিয়ালৰ লোকে ছোৱালী জনীৰ সন্ধান পাবলৈ সাংবাদিকৰ জৰিয়তে বিষয়টো প্ৰচাৰ কৰে।পৰিয়ালৰ লোকে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে,যোৱা ১২ জুলাইৰ দিনা পুৱা ১০ বজাত নিজ গৃহৰ পৰা বকো বজাৰলৈ যাম বুলি কৈ ওলাই যায় আৰু তেতিয়াৰ পৰাই ছোৱালী জনীৰ লগত থকা মোৱাইলটো চুইচ অফ হৈ পৰে।

উক্ত দিনাই ছোৱালীজনী নিৰুদ্দেশ হোৱা খৱৰটো বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক জনোৱা হয় আৰু পৰৱৰ্তী সময়ত বিহিত ব্যৱস্থা ল'বলৈ এজাহাৰ দাখিল কৰা হয়।উল্লেখ্য যে,বুধবাৰে পৰিয়ালৰ লোকে প্ৰচাৰ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণক আহ্বান জনায় যে ছোৱালী জনীৰ কোনো লোকে সম্ভেদ পালে মোৱাইল নম্বৰ-৮১৩৩৯১৫৬৭১ আৰু ৮৮২২৮০৮৮৪৭ নম্বৰত যোগাযোগ কৰে যেন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in