মঙলদৈৰ এটি পৰিয়ালে অসহায় হৈ বিচাৰিছে ৰাইজৰ সহায়…

মঙলদৈৰ এটি পৰিয়ালে অসহায় হৈ বিচাৰিছে ৰাইজৰ সহায়…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ মেনাপাৰা বেজ পাৰাৰ এজন ৩৫ বছৰীয়া পুত্ৰক বচাবলৈ মাতৃ হৈ পৰিছে দিশহাৰা। বৃদ্ধা মাতৃয়ে ৩৫ বছৰীয়া মিহিৰাম কলিতা নামৰ নিজ পুত্ৰৰ ডিঙিত হোৱা টিউমাৰৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰিছে সুহৃদয়বান ৰাইজৰ পৰা। আৰ্থিক ভাবে জুৰুলা,দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মিহিৰাম কলিতা নামৰ ৩৫ বছৰীয়া ব্যক্তি জন ডিঙিত হোৱা এটি টিউমাৰ বাবে শয্যাগত।

দুটি সন্তানৰ পিতৃ ঘৰৰ মুল মানুহ জন শয্যাগত হোৱাৰ লগে লগে পৰিয়ালটিৰ পানীত হা নচলা অৱস্থা হয়।ষাঠি উদ্ধৰ মাক আৰু ঘৈনিয়েকে কাৰোবাৰ হোটেলে ঘৰে বাছন ধুই পৰিয়ালটিৰ ভাত মুঠি উলিয়াইছে যদিও শয্যাগত পুত্ৰ স্বামীক চিকিৎসা কৰিব পৰা নাই।তিল তিল কৈ ৩৫ বছৰীয়া লোক জন মৃত্যুৰ বাবে আগবাঢ়ি গৈ আছে ।

খোৱা ভাতমুঠিৰ যোগাৰ কৰিব নোৱাৰা পৰিয়ালটিয়ে ৰোগাক্ৰান্ত মিহিৰামৰ অষ্টোপ্ৰচাৰৰ বাবে লগা লাখৰ ওপৰত টকা যোগাৰ কৰা কথা চিন্তাই কৰিব নোৱাৰে। বৃদ্ধা মাতৃৰ সৈতে বোৱাৰী আৰু দুটি ল'ৰা ছোৱালীৰে পাছ টি পৰিয়ালৰ এতিয়া অসহায় হৈ সহায় বিচাৰি ৰাইজলৈ আহ্বান জনাইছে।

এই আহ্বানৰ প্ৰতি দুই একে সহায়ৰ বাবে আগবাঢ়ি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয়। বৃদ্ধা মাতৃৰ লগতে দুটি কনমানী সন্তানৰ সতে ৰোগাক্ৰান্ত মিহিৰামৰ অষ্টোপ্ৰচাৰৰ বাবে কোনো হৃদয়বান লোকে আৰ্থিক বা আন যিকোনো সাহায্য আগবঢ়াবলৈ বিচাৰিলে অসম গামিন বিকাশ বেংকত থকা মাতৃ নিমাই কলিতা

AC-NO–7071026002496.
IFSC–PUNB0RRBAGB.
BRANCH–MANGALDA, দিবলৈ বা এই ফোন নং ত–9101970817যোগাযোগ কৰিবলৈ বৃদ্ধা ভাতৃয়ে কাতৰে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in