মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৬লাখ টকাৰ বৰঙণি…

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৬লাখ টকাৰ বৰঙণি…

ডিজিটেল সংবাদ, মঙলদৈঃ সম্প্ৰতি সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যতো ভয়াবহ ৰূপ ধাৰন কৰা কৰোনা মহামাৰী প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰদান কাৰ্যসূচীত জনসাধাৰনক জৰিত হ'বলৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্ম্মাই জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই বৃহস্পতি বাৰে দৰং জিলাৰ বিভিন্ন সংগঠন , উপায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া আৰু বিশিষ্ট ব্যক্তিয়ে উপায়ুক্তৰ ওচৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় ৬ লাখ টকাৰ বৰঙনি প্ৰদান কৰে ।

জিলা খনৰ বিভিন্ন অনুষ্ঠান , সংগঠনৰ প্ৰতিনিধিৰ উপস্হিতিত দৰঙৰ অতিৰিক্ত উপাযুক্ত পংকজ কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সাহায্য প্ৰদান অনুষ্ঠানত মঙলদৈৰ বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে সঞ্জীৱ কুমাৰ বৰা আৰু পল্লবী কছাৰী, অতিৰিক্ত সহায়ক আয়ুক্ত মনিকা বৰগোহাঁই,জিলা তথ্য আৰু জনসংযোগ বিষয়া অয়ন হাজৰিকা ,মঙলদৈ সনাতন ধৰ্মসভাৰ সভাপতি তথা মঙলদৈ নগৰ সমবায় বেংকৰ সভাপতি হৰিৰাম চহৰীয়া, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা আৰু সাধাৰণ সম্পাদক কুলেন চন্দ্ৰ ডেকা, এচ. আৰ.ডিৰ সঞ্চালক সম্ৰাট ডেকা,বিশিষ্ট ব্যৱসায়ী কিৰিতি বৰা আদি উপস্থিত থাকে ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সাহায্য পূজিলৈ বৰঙণি আগবঢ়াই ক্ৰমে- এচ.আৰ.ডি.গ্ৰুপে ২ লাখ, মঙলদৈ বনিক সন্থাই ১ লাখ ,দৰঙৰ উপাযুক্তৰ কাৰ্যালয়ৰ বিষয়াই ৬৫ হাজাৰ,মঙলদৈ সনাতন ধৰ্মসভাই ১০ হাজাৰ, মঙলদৈ নগৰ সমবায় বেংকে ২০ হাজাৰ,খাৰুপেটীয়া পাইকাৰী গেলামাল সন্থাই ২৫ হাজাৰ,খাৰুপেটীয়া ৰাইচ মিল সন্থাই ১৫ হাজাৰ,ৰামকৃষ্ণ কটেজ ইণ্ডাষ্টিয়ে ১১ হাজাৰ,খাৰুপেটীয়া বিনায়ক উদ্যোগে ১১ হাজাৰ,বিশিষ্ট ব্যৱসায়ী সঞ্জয় আগৰৱালাই ৪০ হাজাৰ,মহেন্দ্ৰ জৈনে ১১ হাজাৰ,হনুমান অইল ইন্ডাষ্টিয়ে ১১ হাজাৰ,খাৰুপেটীয়া অইল মিল আৰু হীৰা চক্ৰৱৰ্তীয়ে ৩ হাজাৰ টকাকৈ বৰঙনি প্ৰদান কৰে । উপায়ুক্তৰ অনুপস্হিতিত বৰঙনিৰ চেক্ আৰু ড্ৰাফ্ট সমূহ গ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্ত পংকজ কুমাৰ ডেকাই আৰু অনুষ্ঠানটিৰ আঁত ধৰে মঙলদৈ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in