হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চিত নাম নাইঃ মঙলদৈত হাগ্ৰামা মহিলাৰী…

হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চিত নাম নাইঃ মঙলদৈত হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ, মঙলদৈঃ হিমন্ত আউত‌‌ হাগ্রামা ইন‌। হিমন্ত বাংলাদেশী , তাৰ এন আৰ চিত নাম নাই। বসন্তক মই যোৱাবাৰ হৰুৱাইছিলো,এইবাৰ মই কংগ্ৰেছৰ লগত মই বসন্তক জিকাম। বসন্ত এইবাৰ মন্ত্ৰী হব। মঙলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ হাগ্রামা মহিলাৰিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে কলে।

দেওবাৰে মঙলদৈৰ ধুলাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাস হৈ এক নিৰ্বাচনী সভাত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰি হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। এই নিৰ্বাচনী সভাত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰো কঠোৰ সমালোচনা কৰে বিজেপি চৰকাৰক।

২মে পিছত অসমত কংগ্ৰেছ মহাজোতৰ চৰকাৰ হব । ইতিমধ্যে উজনি অসমত কংগ্ৰেছৰ অধিক আসন নিশ্চিত হৈ গৈছে। এইবাৰ কংগ্ৰেছ বিজেপিৰ নিৰ্বাচন নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন। কংগ্ৰেছ চৰকাৰ আহিলে কা' আমি ব্ৰহ্মপুত্ৰত পেলায় দিম । এয়া কংগ্ৰেছৰ গেৰান্টী।

কংগ্ৰেছ চৰকাৰ আহিলে মহিলা সকলৰ মাইক্ৰফাইনেঞ্চাৰ লোণ আৰু কৃষক সকলৰ কৃষি লোণ ৰেহাই দিব কংগ্ৰেছ চৰকাৰে বুলি কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাসক বিপুল ভোটট জয়ী কৰিবলৈ জনসাধাৰনক আহ্বান জনায়।

এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, জিলা কংগ্ৰেছ সভাপতি সম্পাদক সহ বিষয় ববিয়া এইউডিএফৰ যুৱমৰ্চাৰ সভাপতি জেহেৰুৰ ইচলাম লগতে এইউডিএফৰ কৰ্ম কৰ্তা বিষয় ববিয়া উপস্থিত থাকে। সভাত কেইবা হাজাৰ কংগ্ৰেছ কৰ্মী তথা সমৰ্থক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in