শেহতীয়া খবৰ
অসমত কিমান লোক আছে হ’ম কোৱাৰেন্টাইনত, ৯ এপ্ৰিলত ওলাব ফলাফল...  •  সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

মঙলদৈৰ নাহৰবাৰীত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু গৰখীয়া ভোগ নিবেদন…

45

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ নিজ চপাই নাহৰবাৰী শ্ৰী শ্ৰী নমলী মন্দিৰ আঞ্চলিক সমিতিৰ দ্বাৰা উদযাপিত তৃতীয় বাৰ্ষিক শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু গৰখীয়া ভোগ নিবেদন অহা ইংৰাজী ২১ আৰু ২২ ফ্ৰেব্ৰুৱাৰী ৮ আৰু ৯ ফাগুন শুক্ৰ আৰু শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে মন্দিৰ প্ৰাংগনত অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰিছে ।

কাৰ্যসূচী অনুসৰি ২১ ফেব্ৰুৱাৰী শুক্ৰবাৰে ৰাতিপুৱা ৬-০০ বজাত কেশৱ চন্দ্ৰ ডেকা ,কৃষ্ণ কান্ত ডেকা , কনিকা ডেকা আৰু তপেশ্বৰী বৰুৱাৰ পৰিচলনাৰে পৰিবেশ নিকাকৰণ, ৬-৩০ বজাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গজেন্দ্ৰ ডেকাৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৭-০০ বজাত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক ভাৰত ভূষণ মহন্ত ই ধৰ্মধ্বজা উত্তোলন কৰিব ।

৭-৩০ বজাত স্মৃতি তৰ্পনত মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰিব নাহৰ বাৰী গাওঁৰ গাওবুঢ়া দুৰ্গেশ্বৰ বৰুৱাই। ১০-০০ বজাৰ পৰা মহিলা সকলৰ দ্বাৰা নাম প্ৰসংগ পৰিবেশিত হব ।আবেলি ৬ বজাত অসম সাহিত্য সভাৰ নবনিৰ্বাচিত প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই যজ্ঞ মণ্ডপৰ দ্বাৰ উন্মোচন কৰিব । সন্ধিয়া ৭-০০ বজাত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞৰ অধিবাস আৰু ৮’০০ বজাৰ পৰা পূব বড়িগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেন দত্তই শিৱপুৰাণ পাঠ কৰিব।

২২ ফেব্ৰুৱাৰী শনিবাৰে ৰাতিপুৱা ৫-০০ বজাত প্ৰভাত বন্দনা, ৭-৩০ বজাত যজ্ঞৰ পানীতোলা, ৮-৩০ বজাত সূৰ্য্যাগ্নি আহৰণ আৰু যজ্ঞাৰম্ভ হব । যজ্ঞকাৰক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট গুৰু পুৰোহিত বিজয় দেৱ শৰ্মাই।৯-০০ বজাত বেদপাঠ কৰিব বিশিষ্ট বেদপাঠক বৃন্দাবন দেৱশৰ্মাই । ৯-৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু দুপৰীয়া ১২-৩০ বজাত গৰখীয়া ভোগ নিবেদন কৰিব ।

১-০০ বজাত যজ্ঞৰ পূৰ্ণাহুতি লগতে আবেলি ২-০০ বজাত নিৰ্মালী গ্ৰহণৰে শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞৰ সামৰণি পৰিব । শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞৰ উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাস আৰু সম্পাদক ৰাজেন্দ্ৰ বৰুৱাই যজ্ঞৰ প্ৰতিটো কায্যসুচি ত ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি