মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন…

মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন…

ডিজিটেল সংবাদ, মঙলদৈঃ মাতৃভাষা অসমীয়াৰ সমান্তৰালকৈ ইংৰাজী, হিন্দী আৰু সংস্কৃত শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মঙলদৈ জনাৰামচৌকাস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ স্থায়ী ভবনৰ আধাৰশিলা বুধবাৰে স্থাপন কৰা হয়।

পুৰোহিতৰ মন্ত্ৰোচাৰণ, উৰুলি, শংখধ্বনিৰ মাজত আজি দিনৰ ১১ বজাত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা প্ৰচাৰ প্ৰভাৰী শোভন শেঠে ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডঃ মোহিনী গোস্বামী, বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক কেন্দ্ৰৰ দীপাংকৰ মহন্ত, মাজবাট মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰফুল্ল দেৱ শৰ্মা, সাংবাদিক গণেশ দত্ত, বিশিষ্ট ৰক্তদাতা শেখৰ মজুমদাৰ, জনাৰামচৌকা বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰনাথ বণিয়া, অধ্যক্ষা দীপামণি দত্ত, সমাজকৰ্মী ক্ৰমে – ধীৰেন্দ্ৰ নাথ শৰ্মা, প্ৰসন্ন শইকীয়া, হংসধৰ ডেকা, দাদুল দাস, ৰতন কুমাৰ ঘোষ, নীল বৰুৱা, গাওঁবুঢ়া মৃণাল শৰ্মা, শিক্ষক দীপাংকৰ কৈবৰ্ত, অধিবক্তা হেমন্ত কুমাৰ শৰ্মাৰ সহযোগত আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তিনি শতাধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষানুৰাগী ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in