মঙলদৈত “সকলোৱে মিলি নতুন ভাৰত গঢ়ো আহক বাপুৰ পথেৰে আগবাঢ়ো ” গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভ…

মঙলদৈত “সকলোৱে মিলি নতুন ভাৰত গঢ়ো আহক বাপুৰ পথেৰে আগবাঢ়ো ”  গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ, মঙলদৈঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ১৬ অক্টোবৰ বুধবাৰে ৰাতিপুৱা ১০ বজাত মঙলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত মোৱামাৰী গাঁও পঞ্চায়তৰ মিলন চকত 'সকলোৱে মিলি নতুন ভাৰত গঢ়ো আহক বাপুৰ পথেৰে আগবাঢ়ো " মুল মন্ত্ৰেৰে দুনীতিমুক্ত, প্ৰদূষণমুক্ত ,সন্ত্ৰাসবাদমুক্ত, আৰু বিদেশীমুক্ত অসম গঢ়াৰ সংকল্প লৈ গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভনী কৰে ।

এই গান্ধী সংকল্প যাত্ৰা আনুস্থানিকভাৱে উদ্ধোধন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । বন্তি প্ৰজ্বলন কৰে মঙলদৈ বিধান সভা সমষ্টি বিধায়ক গুৰুজ্যোতি দাসে ।মহাত্মা গান্ধী কেৱল ভাৰত বৰ্ষৰে নহয় সমগ্ৰ বিশ্বৰ গৌৰৱ তেখেতে স্বদেশী, স্বচ্ছতা ,অস্পৃশ্যতা বৰ্জন ,সাম্প্ৰদায়িক সম্প্ৰতি ,ভাৰতীয় ভাষা সমুহৰ সংবৰ্ধন ,গ্ৰামোদ্যোগ দৰে ভালে সংখ্যক সৃষ্টিশীল পদক্ষেপৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনক গন আন্দোলনৰ ৰুপ দিছিল আৰু সত্য ,অহিংসা, শান্তি, সত্যাগ্ৰহ ,সততা আৰু স্বাৱলম্বনৰ দৰে জীৱনৰ প্ৰমূল্যসমুহ প্ৰতিস্থিত কৰি সমগ্ৰ মানৱ জাতিৰ বিকাশৰ পথ প্ৰশস্ত কৰিছিল বুলি উদ্ধোধনী ভাষণত সংসদ দিলীপ শইকীয়াই কয়।

গান্ধীৰ আৰ্দশৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কল্যাণৰ বাবে ছটা প্ৰাথমিক গান্ধীবাদী সংকল্প গ্ৰহণ কৰাৰ কথাও সাংসদ শইকীয়াই কয়। । সংকল্প যাত্ৰা মঙলদৈ চহৰ মাজেৰে নগৰবাহী চকহৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ যাত্ৰা কৰি জনাৰাম চৌকাত এই সংকল্প যাত্ৰাৰ অন্ত পৰিব বিধায়ক গুৰুজ্যোতি দাসে জানিব দিয়ে ।

এই সংকল্প যাত্ৰাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস চিপাঝাৰ বিধান সভা সমষ্টি বিধায়ক বিনন্দ কুমাৰ শইকীয়া লগতে ৰাজ্যিক নেতৃবৃন্দ আৰু জিলাৰ নেতৃবৃন্দ লগতে পাচশতাধিক বিজেপিৰ দলিয় কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in