নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ বিশাল বাইক ৰেলী, চাওক VIDEO

নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা মঙলদৈত ভূৱনেশ্বৰ কলিতাৰ বিশাল বাইক ৰেলী, চাওক VIDEO

ডিজিটেল সংবাদ, মঙলদৈঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্টিত হ'বলগীয়া ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ প্ৰচাৰৰ অন্তিম দিনা মঙলবাৰে কংগ্ৰেছ কৰ্মী সমৰ্থকৰে বিশাল বাইক ৰেলীৰে ভোটাৰক চমক সৃষ্টি কৰা পৰিলক্ষিত হ'ল সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক৷ মঙলবাৰে দূপৰীয়া ছিপাঝাৰ নাৰিকলি মন্দিৰৰ পৰা প্ৰাক্তন মন্ত্ৰী বসন্ত দাস, ডঃ জয়নাথ শৰ্মা, বিধায়ক ইলিয়াছ আলি আদিৰ নেতৃত্বত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক বিশাল ৰেলী কৰি ১৫নং ৰাষ্টীয় ঘাইপথেৰে ছিপাঝাৰ, মঙলদৈ, ধূলাৰ মাজৰে গৈ খাৰুপেটীয়া মহাবিদ্যালয় খেলপথাৰত উপস্থিত হয়। তাতে দলটোৰ নেতাসকলে এখন সভাত মিলিত হয়।

সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে "মোদী হতাও", "চকীদাৰেই চোৰ" আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in