ফলকত বিকৃত ৰূপত লিখিলে ‘মঙলদৈ’ৰ নাম, ক্ষোভিত জিলাবাসী…

ফলকত বিকৃত ৰূপত লিখিলে ‘মঙলদৈ’ৰ নাম, ক্ষোভিত জিলাবাসী…

ডিজিটেল সংবাদ, মঙলদৈঃ গড়কাপ্তানি বিভাগৰ ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলৰ সৌজন্যত অসমীয়া ভাষাৰ বৰ্ণমালাত নতুনকৈ সংযোজন হৈছে এটি নতুন আখৰ । যি সময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল জনমতৰ সৃষ্টি হৈছে আৰু অসমীয়া ভাষাৰ প্ৰতি অহা ভাবুকিয়ে প্ৰতিগৰাকী নাগৰিকক ক্ষুব্ধ কৰি তুলিছে সেই সময়তে গড়কাপ্তানি বিভাগৰ ৰঙিয়া ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলৰ দ্বাৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিমাৰ্ণ কৰা ফলকত মঙলদৈ নামটো সম্পূৰ্ণ বিকৃত কৰি লিখা কাৰ্যই জিলাবাসীক ক্ষোভিত কৰি তুলিছে ।

কেৱল মাত্ৰ এখন ফলকতেই নহয়, কেবাখনো ফলকত বিকৃত ৰূপত মঙলদৈ নামটো লিখাৰ জৰিয়তে সংমণ্ডলটোত কাৰ্যনিৰ্বাহ কৰি থকা অসমীয়া বিষয়া-কৰ্মচাৰীসকলৰ নীচ মানসিক প্ৰতিফলন হিচাপে বিবেচিত হৈছে। মঙলদৈৰ বিভিন্ন অনুষ্ঠান-সংগঠনে বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰে অসমীয়া ভাষাৰ শৰাধ পতাৰ লগতে দৰঙী ৰাজ্যৰ ঐতিহ্য বহনকাৰী মঙলদৈ নামটো বিকৃত কৰাৰ তীব্ৰ প্ৰতিবাদ জনাইছে অতি শীঘ্ৰেই শুদ্বৰূপত এই ফলকসমূহ লিখাৰ লগতে জিলাবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ সংমণ্ডলটোৰ বিষয়াসকলৰ ওচৰত দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in