কুসংস্কাৰৰ বলি হৈ আশ্ৰয় শিবিৰৰ বাৰাণ্ডাত ৪ দিন ধৰি পৰি থাকিল পানী কেচুঁৱাসহ প্ৰসুতি

কুসংস্কাৰৰ বলি হৈ আশ্ৰয় শিবিৰৰ বাৰাণ্ডাত ৪ দিন ধৰি পৰি থাকিল পানী কেচুঁৱাসহ প্ৰসুতি

ডিজিটেল সংবাদ, মঙলদৈঃ কুসংস্কাৰ আৰু অন্ধবিশ্বাসে মানৱ সমাজক আজিও গ্ৰাস কৰি আছে। তাৰেই এক পূৰ্ণ প্ৰতিচ্ছবি প্ৰতিফলিত হ'ল মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত পূব গেৰিমাৰী গাঁৱত৷ বানপানীৰ বাবে ঘৰ ত্যাগ কৰি আশ্ৰয় শিবিৰত আশ্ৰয় লবলৈ আহোতেই ঘটিল অঘটন৷ মঙলদৈ অসামৰিক চিকিৎসালয়ত কন্যা শিশু এটি সুকলমে প্ৰসৱ হোৱাৰ চাৰিদিন পিছত চিকিৎসকে ঘৰলৈ পঠিয়ালে।

তাতেই লাগিল কেনা। বানপানীয়ে ইতিপূৰ্বে ঘৰৰ মুধচ চুইছে৷ পানী কেচুৱাটি লৈ উপস্থিত হ'ল পূব গেৰিমাৰী মহিলা সমিতি গৃহৰ আশ্ৰয় শিবিৰত৷ কুসংস্কাৰ বলি হৈ আশ্ৰয় শিবিৰৰ আন আন আবাসী সকলে "আহুজ" গাত থকাৰ বাবে প্ৰসুতি মাতৃ গৰাকীক শিবিৰৰ ভিতৰত প্ৰবেশ কৰাত বাধা আৰোপ কৰিলে৷

প্ৰসুতি গৰাকী শিবিৰত সোমালে আন আবাসী সকলৰ গাত "চুৱা"লাগিব বুলিও ক'লে একাংশই।সেইবাবেই পানী কেচুঁৱাসহ প্ৰসুতি গৰাকীয়ে বাৰান্দাতে পাৰ কৰিলে কোনো উপযুক্ত চিকিৎসা আৰু খাদ্য নোপোৱাকৈ চাৰি দিন, চাৰি ৰাতি। পৰবৰ্তী সময়ত "ইউনিটি" নামৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত প্ৰসুতি মাতৃ গৰাকীক আশ্ৰয় শিবিৰৰ ভিতৰত আশ্ৰয় দিয়া হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in