মঙলদৈ উৰুকাৰ বজাৰত ২২ কেজিৰ ভকুৱা…

মঙলদৈ উৰুকাৰ বজাৰত ২২ কেজিৰ ভকুৱা…

ডিজিটেল সংবাদ, মঙলদৈঃ আজি উৰুকা ৷ এসাজ খোৱাৰ হেঁপাহেৰে মাছৰ বজাৰত ৰাইজ ভিৰ কৰিছে। অৱশ্যে ৰাতি অহা বৰষুণৰ জাকে মানুহৰ উৎসাহত চেঁচা পানী পেলালে ৷ জিলা খনৰ কেইবাটাও বৃহৎ বৃহৎ পুখুৰীৰ পৰা ধৰি অনা ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ বজাৰ ৷ মঙলদৈ বজাৰত ২০-২২ কিলোগ্ৰাম ওজনৰ ভকুৱা, ১৮-২০ কিলোগ্ৰাম ওজনৰ বৰালী, ১২-১৫কিলোগ্ৰাম ওজনৰ চিতল ,১২-১৪ ওজনৰ ৰৌ আদি মাছেৰে ভৰি পৰিছে বজাৰ, অবশ্যে আন আন বছৰৰ তুলনাত এই বছৰ মাছৰ দাম কিছু পৰিমাণে বাঢ়িছে।

ডাঙৰ ভকুৱা মাছৰ প্ৰতি কিলোগ্ৰাম ৰ দাম ১২০০-১৩০০টকা,বৰালী প্ৰতি কিলোগ্ৰাম ৰ দাম ১০০০-১২০০ টকা,চিতল প্ৰতি কিলোগ্ৰাম মাছৰ দাম ১২০০-১৫০০টকা আদি।ডাঙৰ মাছ এটি কিনাৰ লক্ষ্য গ্ৰাহকৰ , কিন্তূ ক'ভিড মহামাৰীৰ প্ৰতি লক্ষ্যৰাখি জনসমাগমৰ পৰা আতৰি আছে মঙলদৈৰ জনতা ৷ ক'ভিড মহামাৰীৰ বাবে চৰকাৰে ঘোষনা কৰা নতুন প্ৰট'কলৰ বাবে ওলাই অহা নাই জনতা ৷ এতিয়া বজাৰ সেৰেঙা হোৱালৈ ৰখি আছে ৰাইজ ৷ মানুহৰ ভিৰ কমিলেই ক্ৰয় কৰিব মাছ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in