মঙলদৈত বিপদজনক অৱস্থাত ট্ৰেন্সফৰ্মাৰঃ কুম্ভকৰ্ণ নিদ্ৰাত বিদ্যুৎ বিভাগ

মঙলদৈত বিপদজনক অৱস্থাত ট্ৰেন্সফৰ্মাৰঃ কুম্ভকৰ্ণ নিদ্ৰাত বিদ্যুৎ বিভাগ

ডিজিটেল সংবাদ, মঙলদৈঃ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মঙলদৈ সংমণ্ডলৰ অন্তৰ্গত চপাই শালৈপাৰা গাঁৱৰ মঙলদৈ-ভূটীয়াচাং পথৰ দাঁতিত থকা ট্ৰেন্সফৰ্মাৰটো উন্মুক্ত হৈ থকাত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা এই ট্ৰেন্সফৰ্মাৰটোৰ সংলগ্ন তাঁৰ সমূহ ভূমিৰ পৰা মাত্ৰ তিনি ফুট উচ্চতাত দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ আছে।

যিকোনো মুহূৰ্ততে বিপদ হোৱাৰ সম্ভাৱনা থকা স্বত্বেও বিয়াগোম বিদ্যুৎ বিভাগ এইক্ষেত্ৰত নিৰ্লিপ্ত হৈ থকাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে, দৰং জিলাৰ জলজলী, বৰকলা আদি অঞ্চলত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে কেইবাটাও গোধনৰ মৃত্যু হৈছে যদিও বিভিন্ন অজুহাত দেখুৱাই গোধনৰ গৰাকীক ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উঠিছে। গতিকে চপাই শালৈপাৰা ট্ৰেন্সফৰ্মাৰটোৰ লগতে জিলা খনৰ বিভিন্ন ঠাইত উন্মুক্ত হৈ থকা ট্ৰেন্সফৰ্মাৰবোৰ সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in