মঙলদৈত দক্ষতা বিকাশৰ কৰ্মশালা…

মঙলদৈত দক্ষতা বিকাশৰ কৰ্মশালা…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন দক্ষতা বিকাশ কৰ্মশালাৰ আয়োজন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত আলোচনা চক্ৰৰ শুভ উদ্বোধন কৰি মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে মঙলদৈত নিৰ্মাণ হ'বলগীয়া দক্ষতা বিকাশ বিশ্ববিদ্যালয়খনে জিলাখনৰ যুৱক-যুৱতীসকলক কেনেদৰে লাভবান কৰিব তাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে ।

তেওঁ নীতি আয়োগ তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ আঁচনিসমূহৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ যুৱ প্ৰজন্মক আহ্বান জনায় । তেওঁ লগতে ভাৰতবৰ্ষৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত দৰং জিলাই প্ৰথম স্থান লাভ কৰাৰ কথা দোহাৰি যুৱ প্ৰজন্মক স্বনিয়োগৰে উদ্যোগিক ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত উপস্থিত থাকি সাংসদ দিলীপ শইকীয়াই অসমীয়া যুৱক-যুৱতীসকলৰ বহি:ৰাজ্য গমনৰ কথা উল্লেখ কৰি কয় যে- এইখন অসমতে স্বনিয়োজন তথা উদ্যোগী হিচাপে নিজকে গঢ় দিব পৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ পিছতো প্ৰত্যেক বছৰে হেজাৰ হেজাৰ যুৱক-যুৱতী নিম্ন বেতনত কৰ্ম সংস্হাপন বিচাৰি দিল্লী, বাংগালোৰ আদি চহৰলৈ গমন কৰে। সেয়ে এনে কৰ্মশালাৰ জৰিয়তে কিছু পৰিমাণে হ'লেও যুৱক-যুৱতীসকল উপকৃত হ'ব বুলি তেওঁ আশা ব্যক্ত কৰে। কৰ্মশালাখন পৰিচালনা কৰা জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাই এনে কৰ্মশালাৰ দ্বাৰা জিলাখন ৰাজ্যখনৰ ভিতৰতে অন্যতম বিকশিত জিলা হিচাপে গঢ় দিব পৰা যাব বুলি ভাষণত উল্লেখ কৰে।

অসম দক্ষতা বিকাশ অভিযানৰ তৰফৰ পৰা অশোক বৈশ্যই কেনেধৰণৰ দক্ষতা থাকিলে সহজে কৰ্মসংস্হাপন পাব পাৰি তাৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে । ইয়াৰ উপৰিও মঙলদৈ চহৰৰ বিশিষ্ট উদ্যোগপতি অনুপম ডেকা, নৱ উদ্যোগী সুমন জ্যোতি ডেকা প্ৰমুখ্যে কেইবাগৰাকী সমল ব্যক্তিয়ে কৰ্মশালাখনত উপস্থিত থাকি উদ্যোগিক ক্ষেত্ৰখনত তেওঁলোকৰ অভিজ্ঞতা দাঙি ধৰে। কৰ্মশালাত জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকা, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ৰমেন্দ্ৰ মালাকাৰ প্ৰমুখ্যে কেইবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in