মঙলদৈত বিদ্যাৰোহী (এছ চি চি)ৰ চাৰিদিনীয়া প্ৰশিক্ষণৰ সামৰণি…

মঙলদৈত বিদ্যাৰোহী (এছ চি চি)ৰ চাৰিদিনীয়া প্ৰশিক্ষণৰ সামৰণি…

ডিজিটেল সংবাদ, মঙলদৈঃ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক পাঠ্যক্ৰমৰ সমান্তৰালকৈ শৃংখলা, সমৰকলা, প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰা আদিকে ধৰি আত্মসুৰক্ষা তথা মানসিক শাৰীৰিক শিক্ষা প্ৰদান কৰা উদ্দেশ্যে গঠন কৰা হৈছে বিদ্যাৰোহী সমিতি (এছ চি চি)। এই সমিতিৰ উদ্যোগত দৰং জিলাৰ নাঙেলি চৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয় ছাত্র-ছাত্ৰী সকলৰ চাৰিদিনীয়া আৱাসিক প্ৰশিক্ষণ।

এই প্ৰশিক্ষণত জিলাখনৰ খাৰুপেটীয়া, ছিপাঝাৰ আদিকে ধৰি বিভিন্ন প্ৰান্তৰ ২৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত ছাত্র-ছাত্ৰী সকলক সমৰকলা, প্ৰাকৃতিক দুৰ্যোগ, আত্মৰক্ষা, চৰিত্ৰ পাঠ, ট্ৰেফিক ছিগনেল আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ দিয়া হয়। অভিজ্ঞ প্ৰশিক্ষকে ছাত্র ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

আনহাতে, প্ৰশিক্ষণৰ অন্তিম দিনা বৃহস্পতিবাৰে সামৰণি অনুষ্ঠানত বিদ্যাৰোহী সমিতি (Students Cadet Corps)ৰ ৰাজ্যিক মুখ্য আয়ুক্ত ছাব্বিৰ হুছেইন, নাঙেলি চৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰভাত বৰুৱা, শিক্ষক আব্দুল মতলিব আদিৰ উপস্থিতিত অনুষ্ঠিত সভাত ছাত্র-ছাত্ৰী সকলক প্ৰমাণ পত্ৰ আদি প্ৰদান কৰা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in