অসমক কণী উৎপাদনত আত্মনিৰ্ভৰশীল কৰিবলৈ আগবাঢ়ি আহিছে এছ বি আই, এছ জি বি অৰ্গেনিক ফাৰ্ম..

অসমক কণী উৎপাদনত আত্মনিৰ্ভৰশীল কৰিবলৈ আগবাঢ়ি আহিছে এছ বি আই, এছ জি বি অৰ্গেনিক ফাৰ্ম..

ডিজিটেল সংবাদ ওৰাং: অসমক কণী উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভলশীল কৰিবলৈ দেশৰ অগ্ৰণী বেংক ভাৰতীয় ষ্টেট বেংক আৰু এছ জি বি অৰ্গেনিক ফাৰ্মে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মঙ্গলবাৰে মাজবাটত ভাৰতীয় ষ্টেট বেংকে এছ জি বি অৰ্গেনিক ফাৰ্ম নামৰ প্ৰতিষ্ঠানটোৰ সহযোগত অঞ্চলটোৰ ১২০ জন কৃষকক কণী উৎপাদনৰ বাবে ঋন প্ৰদানৰ বাবে প্ৰাৰম্ভিক নথি-পত্ৰ প্ৰদান কৰে।

ইয়াৰ জৰিয়তে কৃষকসকলে কণী উৎপাদনৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে ১ লাখ ৫ হাজাৰ টকা ঋন হিচাপে লাভ কৰাৰ লগতে এছ জি বি অৰ্গেনিক ফাৰ্মৰ তৰফৰ পৰা মুৰ্গী, ভেক্সিন, সজা, খাদ্য তথা অন্যান্য যাৱতীয় সহযোগিতা লাভ কৰিব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূৱৰ GM (NW-1) সুৰঞ্জনা দত্তই কৃষক সকলৰ বাবে ভাৰতীয় ষ্টেট বেংকে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

এই অনুষ্ঠানত মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো উপস্থিত থাকি ভাৰতীয় ষ্টেট বেংক আৰু এছ জি বি অৰ্গেনিক ফাৰ্মক প্ৰশংসা কৰে। ভাৰতীয় ষ্টেট বেংকৰ তেজপুৰ আঞ্চলিক কাৰ্যালয়ৰ এ জি এম সঞ্জীৱ দেৱ প্ৰমুখ্যে কৰি এছ জি বি অৰ্গেনিক ফাৰ্ম আৰু বৰলুইত বহুমূখী কো-অপাৰেটিভ চ'চাইটিৰ বহু কেইজন বিষয়া উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in