চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন…

চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম সাহিত্য সভাৰ চৰচাপৰি ভাষা বিকাশ উপ সমিতিয়ে দৰং জিলা সাহিত্য সভাৰ উদ্যোগত, নৱগঠিত চাউলখোৱা ৰৌমাৰী শাখা সাহিত্য সভাৰ সহযোগত চাউলখোৱাত অহা ১০ ফেব্ৰুৱাৰীত সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছে। শনিবাৰে দৰং জিলা সাহিত্য সভাৰ সভাৰ প্ৰাক্তন সভাপতি চহিৰ ভূঞাৰ সভাপতিত্বত সাহিত্য সভা প্ৰকল্পত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত চৰ চাপৰি ভাষা বিকাশ উপ সমিতিৰ কাৰ্যকৰী সভাপতি আবেদুৰ ৰহমানে অংশগ্ৰহণ কৰি চৰ চাপৰিত বসবাস কৰা লোকসকলক আগন্তুক লোকপিয়লৰ সময়ত অসমীয়া ভাষাক মাতৃভাষা হিচাবে লিখিবলৈ আহ্বান জনাই কয় যে যি ঠাইৰ বায়ু পানী সেৱন কৰিছো সেই ঠাইৰ প্ৰতি শ্ৰদ্ধাৱান হোৱাটো নৈতিক কৰ্তব্য।

সভাত বাঘপৰি শাখা সাহিত্য সভা, খাৰুপেটীয়া মিলনজ্যোতি শাখা সাহিত্য সভা, চাউলখোৱা ৰৌমাৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়া খণ্ডকাৰ ডিলোৱাৰ হুছেইন, ইছলামুদ্দিন আহমেদ, আব্দুল আৱাল, নূৰল ইছলাম মণ্ডল, ছোলেমান আলি, জয়নাল আবদিন, চাহানুদ্দিন আহমেদ আদিয়ে বক্তব্য আগবঢ়ায়। সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই চৰ চাপৰিৰ লোকসকলৰ বাবে সভাই গ্ৰহন কৰা আচনিৰ বিষয়ে বহলাই ব্যাখ্যা কৰি স্থানীয় কৃষ্টি বিকাশৰ বাবে আহ্বান জনায়।

সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ৰাম চন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ ৰাজ্যভাষা মাতৃ ভাষা সমিতিৰ আঞ্চলিক আহ্বায়ক ৰাণা আলম আদিয়ে ভাষণ আগবঢ়ায়। উক্ত অনুষ্ঠান আয়োজনৰ বাবে সভাপতি ডঃ কুলধৰ শইকীয়াই সমন্বয়কৰ দায়িত্ব অৰ্পণ কৰা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুট চন্দ্ৰ হাজৰিকাই সকলোকে শলাগ যাচি অনুষ্ঠানৰ পৰিকল্পনা জ্ঞাত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in