শংকৰদেৱ শিশু বিদ্যা নিকেতন, মঙলদৈৰ ‘নিকেতন সপ্তাহ’ সামৰণি…

শংকৰদেৱ শিশু বিদ্যা নিকেতন, মঙলদৈৰ ‘নিকেতন সপ্তাহ’ সামৰণি…

ডিজিটেল সংবাদ, মঙলদৈঃ 'ব্যয় বহুলকৈ সন্তানৰ জন্মদিন উদযাপনত কৃপণালী নকৰা, দামী দামী বস্তু কিনি দিবলৈও পিছত হুহকি নহা এচাম অভিভাৱকে সন্তানৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে প্ৰতিদিনে এখনকৈ বাতৰি কাকত অথবা পষেকীয়া – মাহেকীয়া আলোচনী সন্তানৰ হাতত তুলি দিবলৈ অনিহা প্ৰকাশ কৰে। যিটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক। শিশু অৱস্থাৰ পৰাই যদি সন্তানক পাঠ্যপুথিৰ জ্ঞানৰ লগতে বাতৰি কাকত – আলোচনীৰ জৰিয়তে সাধাৰণ জ্ঞান দিব পৰা যায়, তেতিয়াহে সৰ্বভাৰতীয় পৰীক্ষাত আমাৰ ল'ৰা ছোৱালীয়ে সাফল্য লাভ কৰিব পাৰিব।'- এই ভাষ্য জ্যেষ্ঠ সাংবাদিক গণেশ দত্তৰ। শংকৰদেৱ শিশু বিদ্যা নিকেতন, মঙলদৈৰ 'নিকেতন সপ্তাহ' উপলক্ষে মঙ্গলবাৰে অনুষ্ঠিত বঁটা বিতৰণী সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত তেওঁ এইদৰে কয়।

নিকেতন পৰিচালনা সমিতিৰ সভাপতি ডাঃ খনিন্দ্ৰ কুমাৰ দত্তৰ সভাপতিত্বত পুৱা ৯ বজাত অনুষ্ঠিত এই সভাত বিশিষ্ট অতিথি হিচাপে সাংবাদিক দত্তই লগতে কয়- দৰং জিলাৰ পৰা এতিয়ালৈকে এজনৰ বাহিৰে দ্বিতীয়জন আই এ এছ বিষয়া ওলোৱা নাই। আইপিএছ বিষয়া এজনো নাই। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীৰ সক্ষমতা আছে যদিও সঠিক পথেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি ব্যৰ্থ হৈছো। যাৰফলত সৰ্বভাৰতীয় বিভিন্ন পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব পৰা নাই।

প্ৰধান আচাৰ্য প্ৰসেনজিৎ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছাত্ৰ ভাৰতীৰ সভানেত্ৰী কংকণা কাশ্যপ আৰু সম্পাদক নিৰজজ্যোতি শৰ্মাই প্ৰতিবেদন পাঠ কৰা এই সভাত অৱসৰী প্ৰশাসনিক বিষয়া হৰি চন্দ্ৰ শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কয় , 'নিকেতন সপ্তাহ' হৈছে নিজৰ নিজৰ প্ৰতিভা বিকাশৰ স্থল। এনে অনুষ্ঠানৰ জৰিয়তে জীৱনটোক এক নতুন গতি দিব পাৰে। তেওঁ লগতে তোমালোকেই আমাৰ ভৱিষ্যৎ বুলি কয়।

নিকেতন পৰিচালনা সমিতিৰ সম্পাদক হৰিৰাম চহৰীয়া, কোষাধ্যক্ষ বলোৰাম ডেকা আদিকে ধৰি দুই শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক, আচাৰ্য্য – আচাৰ্য্যা উপস্থিত থকা এই সভাত ৰাজ্যিক ভিত্তিত হোৱা 'একাত্মতা স্তোত্ৰম'ত প্ৰথম স্থান লাভ কৰা নিকেতনৰ ছাত্ৰী কংকণা কাশ্যপ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰয়াস ফুকন, হিমশিখা কেওট, প্ৰজ্ঞাশ্ৰী শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি প্ৰতিটো শ্ৰেণীৰ প্ৰথম স্থান দখল কৰা কংকণ ডেকা, মৃদুগুঞ্জন কটকী, জিজ্ঞাস শৰ্মা, অংকিতা ডেকা, লোহিতোৎপল চহৰীয়া, স্বপ্ননীল নাথ, বিশ্বজিৎ ডেকা, ভূচিত্ৰা বড়ো, সুদক্ষিণা ডেকা, নিশান্ত চহৰীয়া আৰু বনানী চহৰীয়াক অভিনন্দন জ্ঞাপন কৰা হয়। এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অংকিতা চহৰীয়া, প্ৰজ্ঞাশ্ৰী শৰ্মাই গীত আৰু ৰিংকি ডেকা, হিমশিখা কেওটে নৃত্য পৰিৱেশন কৰি সকলোকে মোহিত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in