শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

দৰং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মঙলদৈত মহিলাৰ মাজত পথ সুৰক্ষাৰ সজাগতা…

60

ডিজিটেল সংবাদ, মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈত দৰং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মহিলাৰ মাজত এক পথ সুৰক্ষা সজাগতা শীৰ্ষক সভা এখন অনুস্থিত কৰা হয়।এই পথ সুৰক্ষা সভাৰ বাবে ওলাই আহিল বহু মহিলা । পথ সুৰক্ষাত যে, মহিলাই ল’ব পাৰে আগভাগ সেই উদ্দেশ্যে উক্ত সভাতেই উপস্থিত মহিলাই পণ লয় পথ দুৰ্ঘটনা ৰোধৰ বাবে।

ক্ৰমবৰ্দ্ধমান পথ দুৰ্ঘটনা ৰোধৰ বাবে দৰঙৰ প্ৰতিখন গাঁৱৰ মহিলা আত্ম সহায়ক গোটক লৈ সংঘ গঠনৰ পোষকতা কৰে পথ সুৰক্ষা সজাগতা সভাত। প্ৰতিগৰাকী মাতৃয়ে যাতে নিজৰ ল’ৰা-ছোৱালীক পথ সুৰক্ষাৰ জ্ঞান দিয়ে তাৰ বাবে আহ্বান জনাই দৰং জিলা পৰিবহণ বিষয়াই। জিলা পৰিবহণ বিষয়াই আশা প্ৰকাশ কৰে পথ সুৰক্ষাৰ ক্ষেত্ৰতত মহিলাৰ সজাগতাই হ’ব পাৰে এক নতুন দিগন্তৰ সূচনা। ৰোধ হ’ব পাৰে পথ দুৰ্ঘটনা।

প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক বাইক বা স্কুটীখন লৈ ওলাই আহিলে পথ সুৰক্ষাৰ কথা মনত পেলাই দিয়া উচিত বুলিও পৰিবহণ বিষয়া গৰাকীয়ে অনুৰোধ জনায়। সভাত জিলা পথ সুৰক্ষা সমিতিৰ পৰা মহিলা সকলক দুৰ্ঘটনা ৰোধৰ বিভিন্ন কৌশলৰ ওপৰত আলোকপাত কৰা হয়। জিলা উপায়ুক্ত জিলা পৰিবহণ বিষয়া, গৰকাপ্তানী বিভাগৰ বিষয়াকে ধৰি বহু কেইজন সমল ব্যক্তি উপস্থিত থাকে এই সভাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি