মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন…

মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন…

ডিজিটেল সংবাদ মঙলদৈঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৃটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ পথৰুঘাটত ১৪০ নিৰিহ কৃষক শ্বহীদ হৈছিল । ভাৰতৰ স্বাধীনতা আন্দোলনত কৃষক বিদ্ৰোহ হিচাপে চিহ্নিত উক্ত ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত। পঞ্জাৱৰ জালিয়নাৱাগ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহ ঘটনাতকৈ পথৰুঘাট ৰণ গুৰুত্বপূৰ্ণ যদিও ইয়াক কেন্দ্ৰীয় চৰকাৰে তথা অসম চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ।

দেশৰ জনসাধাৰণে কিয় অসমৰে বহু লোকে আজিও এই ঘটনাৰ বিষয়ে নাজানে। এই ঐতিহাসিক পথৰুঘাট ৰণৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৰং জিলা বাৰ্তাজিৱী সংঘ আৰু দৰং জিলা আছুৱে গুৰুত্ব দি আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অহা ২৭ জানুৱাৰী তাৰিখে দৰং জিলা বাৰ্তাজিৱী সংঘ, সদৌ দৰং জিলা ছাত্র সন্থা আৰু পথৰুঘাট নাগৰিক সমাজৰ উদ্যোগত এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।

মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত হবলগীয়া ঐতিহাসিক পথৰুঘাট ৰণ আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক আলোচনা চক্ৰখন সঞ্চলনা কৰিব অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা পথৰুঘাট নাগৰিক সমাজৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকাই। গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে উদ্বোধন কৰিবলগীয়া আলোচনা চক্ৰখনত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট সাহিত্যিক ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু আছুৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈয়ে।

আনহাতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপত্ৰ চহিৰ ভূঞাই । সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব আছুৰ কেন্দ্ৰীয় বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি ভৱেশ কাকতি, অসম বাৰ্তাজিৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, দৰং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ প্ৰেছ ক্লাৱৰ সভাপতি মদন বৰুৱা আৰু আপকুৰ কেন্দ্ৰীয় সভাপতি আব্দুল খালেকে।

উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে বাৰ্তাজিৱী সংঘৰ সভাপতি লক্ষ্যধৰ শইকীয়া আৰু সম্পাদক লক্ষীনন্দন কলিতা, দৰং আছুৰ সভাপতি পৰাগ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা আৰু পথৰুঘাট নাগৰিক সমাজৰ সম্পাদক বদৰুল জামানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in