মঙলদৈত নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ স্মৃতি দিৱস…

মঙলদৈত নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ স্মৃতি দিৱস…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম সাহিত্য সভাৰ উদ্যোগত মঙলদৈ আঞ্চলিক কাৰ্যালয় আৰু দৰং জিলা সাহিত্য সভাৰ সহযোগত নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ ১৪ সংখ্যাক স্মৃতি দিৱসটি মঙলদৈৰ সাহিত্য সভা প্ৰকল্পত ২০ নৱেম্বৰ, ২০২০ খ্ৰীষ্টাব্দ শুকুৰবাৰে অনুস্থিত হ'ব। অসমৰ আধুনিক নাট্য আন্দোলনৰ এগৰাকী ৰূপকাৰ, মঞ্চ আৰু অনাতাৰ নাটকৰ উপৰিও ভ্ৰাম্যমাণ নাট্যজগতৰ যুগসৃষ্টিকাৰী নাট্যকাৰ, গীতিকাৰ, গল্পকাৰ তথা চলচ্চিত্ৰকাৰ নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ ১৪ সংখ্যাক স্মৃতি দিৱসটি অসম সাহিত্য সভাই কেন্দ্ৰীয় ভাৱে মঙলদৈত আয়োজন কৰিছে।

এই নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ স্মৃতি দিৱসৰ ৰাতিপুৱা ১০.৩০ বজাত অনুস্থিত হ'ব লগা মুকলি সভাত সভাপতিত্ব কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়াই। মুকলি সভাখন উদ্ধোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, অধ্যাপক ইদ্ৰিছ আলিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীৰ উপৰিও বিশিষ্ট নাট্যকাৰ, পৰিচালক, গীতিকাৰ হেমন্ত দত্ত।

নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকিব ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত কুমাৰ বৰুৱা। সন্মানীয় অতিথি হিচাপে সভাত অংশগ্ৰহণ কৰিব মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ লগতে আমন্ত্ৰিত অতিথি হিচাবে সভাত উপস্থিত থাকিব তেজপুৰ বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা।

নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ স্মৃতি দিৱসৰ মুকলি সভাৰ আগতে ৰাতিপুৱা ৮.৫৫ বজাত অসম সাহিত্য সভাৰ পতকা উত্তোলন কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে।১০.০০ বজাত অনুস্থিত হব লগা স্মৃতি তৰ্পন কাৰ্যসূচীত বন্তি প্ৰজ্বলক হিচাবে অংশগ্ৰহণ কৰিব নাট্যসম্ৰাট প্ৰফুল্ল বৰাৰ জ্যেষ্ঠপুত্ৰ তথা সাংস্কৃতিক কৰ্মী অংশুমান বৰাৰ লগতে মুখ্য তৰ্পক হিচাপে অংশ গ্ৰহণ কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক আব্দুল আজিজে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ লগতে দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে অসম সাহিত্য সভাৰ এই কেন্দ্ৰীয় অনুস্থানত সাহিত্য প্ৰেমি, সাহিত্য সংগঠক তথা সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in