খাকীৰ আঁৰৰ মানুহঃ কোনো অমানুহে গৰম পানী ঢালি মুমূৰ্খ কৰি তোলা গৰুক পথৰ পৰা নি কৰালে চিকিৎসা

খাকীৰ আঁৰৰ মানুহঃ কোনো অমানুহে গৰম পানী ঢালি মুমূৰ্খ কৰি তোলা গৰুক পথৰ পৰা নি কৰালে চিকিৎসা

ডিজিটেল সংবাদ মঙলদৈঃ যি সময়ত গৰু সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে অসম চৰকাৰে গো-সুৰক্ষা বিধেয়ক গৃহীত কৰিছে সেই সময়তে চহৰৰ পথত অমানৱীয় কোনো লোকে অত্যাচাৰ কৰা এজনী গৰুক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰালে মঙলদৈৰ এজন আৰক্ষীয়ে।

বুধবাৰে গধুলি কোনো অমানৱীয় লোকে চহৰৰ পদপথত চৰি ফুৰা এজনী চেউৰী গৰুক গৰম পানী গাত ঢালি দিয়াৰ ফলত গৰুজনীৰ গাৰ ছাল বখলা-বখলে এৰি মূমুৰ্খ অৱস্থাত চৰি ফুৰে।এই দৃশ্য প্ৰত্যক্ষ কৰি এজন পশুপ্ৰেমী লোকে সামাজিক মাধ্যম ফেচবুকত ফটোসহ পোষ্ট কৰে।

চেউৰী গৰুজনীৰ এই দুৰ্দশাৰ কথা ফেচবুকত প্ৰত্যক্ষ কৰি মঙলদৈৰ এগৰাকী আৰক্ষীৰ লোক আগবাঢ়ি আহিল গৰু জনীক চিকিৎসা কৰিবলৈ। নিশা পদ পথৰ পৰা গৰু জনীক ঠেলাত তুলি লৈ গ'ল পশু চিকিৎসালয়লৈ।গৰু জনীক পশু চিকিৎসালয়লৈ ঠেলাত লৈযোৱাৰ সময়ৰ দেখা গৈছিল ঠেলাখনৰ আগে পিছে আৰক্ষীক।

ইয়াৰ পাছত মঙলদৈ পশু চিকিৎসালয়ত নিশাই চিকিৎসা চলিল মুমূৰ্খ অৱস্থাত থকা গৰুজনীৰ । ফেচবুকৰ এটা পোষ্ট দেখি মুমুৰ্খ অৱস্থাত থকা গৰু জনীক চিকিৎসাৰ বাবে এইদৰে পদপথৰ পৰা লৈযোৱা আৰক্ষীজন নিশ্চয় ধন্যবাদৰ পাত্ৰ। আনহাতে যিগৰাকী ব্যক্তিয়ে এই গৰুজনীৰ দেহত গৰম পানী ঢালি এনে অৱস্থা কৰিলে ই নিশ্চিত ভাৱে গৰিহনাৰ যোগ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in