৬ টাকৈ দুষ্প্ৰাপ্য কাছৰ লগতে ৫ কিলোগ্ৰাম গাঞ্জা জব্দঃ আটক এজন

৬ টাকৈ দুষ্প্ৰাপ্য কাছৰ লগতে ৫ কিলোগ্ৰাম গাঞ্জা জব্দঃ আটক এজন

ডিজিটেল সংবাদ মঙলদৈঃ দৰং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মঙ্গলবাৰে মংগলদৈৰ চেৰেং চাপৰীৰ পৰা ৬ টাকৈ বিক্ৰীৰ বাবে সাজু কৰা দুষ্প্ৰাপ্য কাছ আৰু গাঞ্জা সহ সুভাষ হালদাৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷

ধৃত সুভাষ হালদাৰে দুষ্প্ৰাপ্য কাছৰ ব্যৱসায় চলাই অহাৰ লগতে গাঞ্জাৰো ব্যৱসায় চলাইছিল ৷
মংগলদৈ থানাৰ আৰক্ষীৰ জিম্মাত থকা উদ্ধাৰ হোৱা কাছ ৬ টা বন বিভাগক গতাই দিয়ে আৰক্ষীয়ে ৷

অধিক তথ্যৰ বাবে ধৃত ব্যক্তিজনক জেৰা অব্যাহত ৰাখিছে মংগলদৈ থানাৰ আৰক্ষীয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in