য’তে ত’তে পিক পেলোৱা লোকক সাৱধানবাণী মন্ত্ৰী পিযুষ হাজৰিকাৰ, স্বচ্ছতা নমনা লোকৰ ওপৰত কঠোৰ আইন মন্ত্ৰী হাজৰিকাৰ

য’তে ত’তে পিক পেলোৱা লোকক সাৱধানবাণী মন্ত্ৰী পিযুষ হাজৰিকাৰ, স্বচ্ছতা নমনা লোকৰ ওপৰত কঠোৰ আইন মন্ত্ৰী হাজৰিকাৰ

ডিজিটেল সংবাদ, মঙ্গলদৈঃ লোকসভা নিৰ্বাচনৰ পাচত দৰঙৰ খাৰুপেটীয়াত মন্ত্ৰী পিযুষ হাজৰিকাৰ দ্বাৰা প্ৰথম কাৰ্যসূচী ৰূপায়ন৷ টাটা মুডলৰ আৰ্হিত নিৰ্মাণ কৰা হৈ থকা ১২৫ টা শৌচালয়ৰ ভিতৰত মঙলবাৰে প্ৰথমটো শৌচালয় উন্মোচন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই৷

লগতে তেখেতে ৫৫ টা আত্মসহায়ক গোটৰ মাজত ২৫০০০.০০টকাকৈ বিতৰণ কৰে৷ সভাত পৌৰ চাফাই কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকৰ মাজত কিছু সামগ্ৰীও বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে৷ ইয়াৰ উপৰিও নগৰ সমিতিৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ পৰা জাৱৰ সংগ্ৰহৰ বাবে দুটা আত্মসহায়ক গোটক দায়িত্ব প্ৰদান কৰি পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰে৷

মন্ত্ৰী গৰাকীয়ে ৰাইজৰ সজাগতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে৷ তেখেতৰ মতে যদি ৰাইজ সজাগ হয় তেনেহলে অহা এটা বছৰত অসমখন সম্পূৰ্ণ ৰূপে স্বচ্ছ হৈ পৰিব৷

আনহাতে মন্ত্ৰী গৰাকীয়ে স্বচ্ছতা নমনা লোকক আইনৰ গণ্ডীলৈ অনাত গুৰুত্ব প্ৰদান কৰি দোষীক শাস্তিৰ ব্যবস্থা গ্ৰহণৰ পোষকতা কৰে৷ সভাত নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়া, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, খাৰুপেটীয়াৰ পৌৰপতি কৃষ্ণা সাহাৰ লগতে নগৰ উন্নয়ন বিভাগৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in