ন’ পাৰ্কিঙত নাৰাখিব বাহন! অন্যথা আপোনাৰ বাহন হ’ব পাৰে জব্দ, চাওক VIDEO

ন’ পাৰ্কিঙত নাৰাখিব বাহন! অন্যথা আপোনাৰ বাহন হ’ব পাৰে জব্দ, চাওক VIDEO

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে যান-বাহন আৰক্ষীৰ কঠোৰ পদক্ষেপ। দীৰ্ঘদিনৰ পৰা মঙলদৈ চহৰত হোৱা অবৈধ পাৰ্কিঙৰ বাবে জনসাধাৰণে জীয়াতু ভুগি আহিছিল। প্ৰচণ্ড যান-যঁটৰ বাবে কেতিয়াবা ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ১০৮ আদি বাহনো মঙ্গলদৈ চহৰৰ মাজেৰে পাৰ হৈ যোৱা অসম্ভৱ হৈ পৰে।

প্ৰশাসনে এনে পাৰ্কিঙৰ বিৰুদ্ধে ভিন্ন সময়ত অভিযান চলাই ন' পাৰ্কিঙত ৰখা বাহনসমূহৰ বিৰুদ্ধে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল।

জৰিমনা বিহাৰ পিছতো ৰাইজৰ কোনো দায়িত্ববোধ নহাৰ বাবে বৃহস্পতিবাৰে দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত মঙলদৈ আৰক্ষী চকীৰ যান-বাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গকুল ডেকাৰ নেতৃত্ব চহৰৰ মাজত ন' পাৰ্কিঙত ৰখা বাহন সমূহ জব্দ কৰি কঠোৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in