শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক…

768

ডিজিটেল সংবাদ, মঙলদৈঃ দেওবাৰে দলঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱৰ পৰা আত্মগোপন কৰি থকা ৯ জন জামাতৰ সদস্যক খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। বাৰম্বাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমৰ বাহিৰৰ পৰা ফুৰি অহা বা অসমৰ বাহিৰৰ পৰা যিকোনো কাৰণতে অসমলৈ অহা ব্যক্তি সকলক স্বাস্থ্য বিভাগৰ দ্বাৰা নিজকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কথা কৈ অহাৰ পিছতো এনে দৰে দিল্লী, কলিকতা, মুম্বাই ঘূৰি আহি আত্মগোপন কৰি থকাৰ পৰিপ্ৰেক্ষিতত বিশেষ খবৰৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে বিশেষ তৎপৰতাৰে লোক কেইজনক উদ্ধাৰ কৰে।

লোক কেইজন কামাৰপাৰা গাঁৱৰ য়াকুব আলিৰ ঘৰত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি আছিল। এই লোক কেইজন দিল্লীৰ নিজামুজিন মাৰ্কাজত অংশ গ্ৰহণ কৰাৰ পাছত মুম্বাই – কলকাতা হৈ দৰঙত আহি য়াকুব আলিৰ ঘৰত আত্মগোপন কৰি আছিল। খাৰুপেটীয়া আৰক্ষী চক্ৰৰ বিষয়া দিনবন্ধু ভূঞাৰ নেতৃত্বত আৰক্ষী গোটে আটাই কেইজন জামাতিক উদ্ধাৰ কৰি স্বাস্থ্য বিভাগক খবৰ দিয়ে। উদ্ধাৰ হোৱা জামাতিৰ নাম সমূহ হ’ল- দানিছ আলি, কফিল আলি, সমষেৰ, জায়েড আলি, আজমাল, মুবাসীৰ, সানিউল্লা, হাবিবুৰ, আক্রম আৰু চায়েব আলি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি