মাঘ বিহুঃ মঙলদৈত মাছ ধৰাত ব্যস্ত গঞা ৰাইজ…

মাঘ বিহুঃ মঙলদৈত মাছ ধৰাত ব্যস্ত গঞা ৰাইজ…

ডিজিটেল সংবাদ, মঙলদৈঃ পদুলি মুখত হেপাহৰ ভোগালী বিহু। কি চহৰ কি নগৰ সকলোতে ভোগৰ উৎসৱ ভোগালীক লৈ উখল মাখল পৰিবেশ। গাওৰ ডেকা চেঙেলিয়াই পথাৰত মেজি, ভেলাঘৰ সজোৱাত ব্যস্ত, ব্যস্ত ভোগালীৰ যোগাৰ কৰাত,মাছ ধৰাত চুঙাপিঠাৰ যোগাৰ কৰাত ব্যস্ত । গাঁওৰ ছোৱালী বোৱাৰী ব্যস্ত ভাগে ভাগে পিঠা টনা বনোৱাত।

মঙলদৈৰ গধিয়া পাৰা গাওঁৰ ৰাইজো ব্যস্ত ভোগালীৰ যোগাৰ কৰাত। বুধবাৰে পুৱাৰে পৰা মাছ ধৰাত ব্যস্ত গাওঁ বাসী।ৰাজহুৱা পুখুৰীত মাছ ধৰি উৰুকাৰ দিনা একেলগে এসাঁজ খোৱাৰ পৰম্পৰা এই গাওঁ খনত তাহানিৰে চলি আহিছে। আজিও এই পৰম্পৰে মাছ ধৰিলে গাঁও বাসীয়ে। মুঠতে ভোগালিক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in