মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ভৈৰৱকুণ্ডত স্বচ্ছতাৰ সজাগতা সভা…

মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি  ভৈৰৱকুণ্ডত স্বচ্ছতাৰ সজাগতা সভা…

ডিজিটেল সংবাদ, মঙলদৈঃ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডলৈ নিৰ্ভয়ে বনভোজৰ দল আহিব পাৰে। আমি যিমান পাৰো বনভোজৰ দলক সহায় সহযোগ কৰিবলৈ সদা প্ৰস্তুত। কিন্তু বনভোজত প্লাষ্টিকৰ ব্যৱহাৰ নহব'- এই ভাষ্য ভৈৰৱকুণ্ড ইক টুৰিজিম এণ্ড কনজাৰ্ভেচন চোচাইটিৰ সভাপতি বিমল নাৰ্জাৰীৰ। শনিবাৰে মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ভূটান, অৰুণাচল আৰু ওদালগুৰি জিলাৰ সংগমস্থলী, প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত অনুষ্ঠিত স্বচ্ছতাৰ সজাগতা সভাত তেওঁ এইদৰে কয়।

মঙলদৈ টাউন ক্লাবৰ উদ্যোগত আৰু ভৈৰৱকুণ্ড ইক টুৰিজিম এণ্ড কনজাৰ্ভেচন চোচাইটিৰ সহযোগত ধনশিৰি নদীৰ তীৰত হোৱা এই সভাত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই কয়, পৰ্যটনৰ প্ৰবল সম্ভাৱনা থকা ভৈৰৱকুণ্ডক পৰিস্কাৰ পৰিচন্ন কৰি ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য।

মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ভৈৰৱকুণ্ডত স্বচ্ছতাৰ সজাগতা সভা আয়োজন কৰাত উদ্যোক্তা সকলৰ শলাগ লৈ তেওঁ কয়, গছ গছনি থাকিলেহে মানুহ জীয়াই থাকিব। সভাত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক লংনিট তেৰঙে শান্তিৰ পৰিবেশ বিৰাজ কৰা ভৈৰৱকুণ্ডলৈ দেশী – বিদেশী পৰ্যটকক আহিবলৈ আহ্বান জনায়।

মঙলদৈ টাউন ক্লাবৰ সম্পাদক হিৰেণ ডেকাই আঁত ধৰা এই সভাত ক্লাবৰ সভাপতি অনিল শৰ্মা, প্ৰাক্তন সভাপতি বিপুল ৰঞ্জন দে, উপদেষ্টা ডঃ আমানুল হক, সাংবাদিক গণেশ দত্ত, গৌতম জ্যোতি তালুকদাৰ, বয়োজে ডাঃ জয়কান্ত চহৰীয়া, মোহন চন্দ্ৰ ডেকা, সাধন দাস, উমেশ চহৰীয়াকে ধৰি শতাধিক লোক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in