শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

মঙলদৈত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব’, ২০ হাজাৰ লোকৰ অংশগ্ৰহণ…

224

ডিজিটেল সংবাদ, মঙলদৈঃ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া মঙলদৈ লোকসভা সমষ্টিত সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক বিশাল ৰোড শ্ব’ বাহিৰ কৰা হয়। বিয়লি ৫ বজাত মঙলদৈ চপাই হাইস্কুলৰ খেলপথাৰৰ পৰা উলিওৱা এই ৰেলীত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, বিনন্দ কুমাৰ শইকীয়া, যোগেন মোহন আৰু বিনোদ হাজৰিকাৰ লগতে ৰাজ্যিক নেতৃত্বৰ কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে ।

চপাইৰ পৰা উলিওৱা এই ৰোড শ্ব’ত মঙলদৈৰ ভুটীয়াচাং পথেৰে আহি বৰুৱাপাৰা বিষ্ণুনগৰ হৈ শান্তিপুৰ তথা চহৰৰ মাজেৰে গৈ মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত মিলিত হয়।

সেই স্থানতে অনুষ্ঠিত হোৱা সভাত বিজেপিৱ প্ৰাৰ্থী দিলীপ শইকীয়াই ৰাইজৰ আশীষ বিচৰাৰ লগতে তেওক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনায়। আনহাতে ভাষণৰ প্ৰসংগত ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে – ‘জাতি-মাটি-ভেটিৰ লগতে অসমীয়া জাতি আৰু অসমৰ মানৰূপী কংগ্ৰেছ, এ আই ইউ ডি এফৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আকৌ এবাৰ মোডী চৰকাৰক শাসনত বহুৱাক।’

উক্ত ৰোড শ্বত অংশ লয় প্ৰায় ২০ হাজাৰ কৰ্মীয়ে। প্ৰায় ১২ কিঃ মিঃ পথ অতিক্ৰম কৰা এই ৰোড শ্বত মন্ত্ৰী শৰ্মাই মঙলদৈ ৰাইজক ৯০ শতাংশ ভোটদান কৰি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ড০ শৰ্মাই বিজেপিৰ বিজয় উৎসৱ হিচাপে সভাস্থলীত সমবেত লোকক মবাইল ফোনৰ টৰ্ছ জ্বলাই দেৱালী উৎসৱ পাতিবলৈ অনুৰোধ জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি