১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ…

১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ…

ডিজিটে সংবাদ মঙলদৈঃ দৰং জিলাৰ ১১৮ বছৰীয়া ঐতিহ্যৰে মহিমামণ্ডিত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰ চ'ৰাত চলিছে উচুপনি। এই উচুপনিৰ মৰ্মবেদনা আজিলৈ চৰকাৰে অনুভৱ নকৰাত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে শিক্ষানুষ্ঠানখনৰ ভিতৰত চ'ৰাত। শিক্ষানুষ্ঠানখনৰ শিক্ষক, প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ – ছাত্ৰীয়ে মুকলিকৈ চছিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে। জানিব পৰা মতে,  ১৯০৩ চনত স্থাপিত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত ২০১২ চনৰ পৰা স্থায়ী অধ্যক্ষ নথকাত প্ৰশাসনিক দিশটো সোলোক ঢোলোক হৈ পৰিছে। কোনেও কাৰো কথা নুশুনাৰ পৰিবেশ সৃষ্টি হৈছে। কোন শিক্ষক – শিক্ষয়িত্ৰী কেতিয়া আহিছে, গৈছে কেতিয়া তাৰো কোনো যেন চাওতা নাই। এই লৈ শিক্ষানুষ্ঠানখনৰ নিষ্ঠাৱান শিক্ষক – শিক্ষয়িত্ৰীসকল নাৰাজ হৈ পৰিছে।

উচ্চতৰ মাধ্যমিক খণ্ডত কলা, বিজ্ঞান আৰু বৃত্তিমূলক এই তিনিটা শাখা থকা এই শিক্ষানুষ্ঠানখনত ১০ টা বিষয় শিক্ষকৰ পদ দীৰ্ঘদিন ধৰি খালী হৈ আছে। প্ৰাপ্ত তথ্য মতে, ২০১১ চনৰ পৰা হিন্দী, ২০১২ চনৰ পৰা অসমীয়া, ২০১৫ চনৰ পৰা বুৰঞ্জী, ভূগোল, ২০১৯ চনৰ পৰা ইংৰাজী, সংস্কৃত, ৰসায়ন বিজ্ঞান, ২০২০ চনৰ পৰা প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু বৃত্তিমূলক শাখাৰ বিষয় শিক্ষকৰ পদ খালী হৈ আছে।

তদুপৰি বিজ্ঞান শাখাৰ দুটাকৈ ডেমনষ্টেটৰ পদ খালী। বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰি বহু ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানখনলৈ আহি ১০ টাকৈ বিষয় শিক্ষকৰ পদ খালী হৈ থকা কথাটো অৱগত হৈ ছাত্ৰ ছাত্ৰী সকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। উপায়ন্তৰ হৈ এই দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলে গাইপতি বুজন পৰিমাণৰ চান্দা তুলি আঠজনকৈ ভাড়াতীয়া শিক্ষক – শিক্ষয়িত্ৰীৰ জৰিয়তে পাঠ গ্ৰহণ অব্যাহত ৰাখিবলগীয়া হৈছে। ইপিনে শিক্ষানুষ্ঠানখনত ১৩ জনকৈ সহকাৰী শিক্ষক পদ খালী হৈ আছে। শ্ৰেণী কোঠা হিচাপত শিক্ষক – শিক্ষয়িত্ৰী নথকা স্বত্বেও থকা কেইজনৰ পৰা ১২ জন শিক্ষক – শিক্ষয়িত্ৰীক কোৰোনা ভাইৰাছৰ ভেকচিনৰ কামত লগোৱাত বিদ্যালয়ত পাঠদান একপ্ৰকাৰ বন্ধ হোৱাৰ দৰে হৈ পৰিছে।

ইয়াৰোপৰি বিদ্যালয়খনত আঠটাকৈ তৃতীয়া – চতুৰ্থ বৰ্গৰো পদ দীৰ্ঘদিন ধৰি খালী। দৰং জিলাৰ একমাত্ৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰখনৰ এনে লাওলোৱা অৱস্থাৰ বিষয়ে দীৰ্ঘদিন ধৰি চৰকাৰৰ শিক্ষা বিভাগক বিদ্যালয়ৰ কৰ্তৃপক্ষ, প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সকলে অৱগত কৰি আহিছে যদিও আজিলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই। ইপিনে দৰং জিলাৰ উপায়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনো এইক্ষেত্ৰত ৰহস্যজনকভাৱে মৌন।

উপায়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শকে বিদ্যালয়খনত এবাৰ ভুমুকি মৰাৰো প্ৰয়োজনবোধ কৰা নাই। মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে দুৰৱস্থাই চৰকাৰৰ চৰকাৰী শিক্ষানুষ্ঠান প্ৰতি কৰি অহা চূড়ান্ত অৱহেলাৰ ছবিখন পৰিস্ফুট হৈছে বুলি চৰ্চিত হৈছে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ লবনে সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in