মঙলদৈত বানৰ তাণ্ডৱঃ বানাক্ৰান্তৰ মাজত বিধায়ক আৰু উপায়ুক্ত

মঙলদৈত বানৰ তাণ্ডৱঃ বানাক্ৰান্তৰ মাজত বিধায়ক আৰু উপায়ুক্ত

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ প্ৰায় সকলো দিশৰ দৰে বানত বুৰ গৈছে মঙলদৈৰ বিভিন্ন অঞ্চলো। সমষ্টিটোৰ ২২০ খনকৈ গাঁও জলমগ্ন হোৱাৰ লগতে বানত আক্ৰান্ত হৈছে প্ৰায় ২ লাখ ৪০ হাজাৰ লোক। আনহাতে বানৰ ফলত কেইবাশ বিঘা কৃষিভূমি নষ্ট হৈছে। মঙলদৈৰ এনে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১০ টাকৈ শিবিৰ স্থাপন কৰি বন্যাৰ্তক সহায়ৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।

ইফালে বান পৰিস্থিতিৰ বুজ লৈছে স্থানীয় বিধায়ক গুৰুজ্যোতি দাস আৰু দৰঙৰ জিলা উপায়ুক্ত ঘনশ্যাম দাস। বিধায়ক আৰু উপায়ুক্তগৰাকীয়ে সমষ্টিটোৰ বান পৰিস্থিতিৰ সময়ত দুৰ্গত সকলক সকলো ধৰণৰ সহায় সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও তাৰ মাজতে বান পীড়িতৰ নামত অহা সাহায্য বিতৰণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে একাংশই।

বিশেষকৈ বানাক্ৰান্ত অঞ্চলসমূহত মানুহৰ লগতে পশু সকলৰ বাবেও খাদ্য বিতৰণৰ বাবে প্ৰশাসনে দিহা কৰিলেও বহু অঞ্চলত পশু খাদ্য সাহায্য লাভ নকৰাৰ অভিযোগ উঠিছে। মঙলদৈৰ এনে বান পৰিস্থিতিৰ সময়ত চৰকাৰৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে মিলি বন্যাৰ্তসকলৰ মাজত সাহায্য বিতৰণ কৰা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in