থলুৱা মাছেৰে ভৰি পৰিছে মঙলদৈ মাছ বজাৰ…

থলুৱা মাছেৰে ভৰি পৰিছে মঙলদৈ মাছ বজাৰ…

ডিজিটেল সংবাদ,মঙলদৈ : উৰুকাত এসাজ লগে ভাগে খোৱাৰ বাবে বজাৰত ব্যস্ত ৰাজ্যৰ জনসাধৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ।বুধবাৰে মঙলদৈৰ বজাৰতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ।

মঙলদৈ মাছৰ বজাৰত মাছ কিনিবলৈ ওলাই আহিছে হাজাৰ হাজাৰ গ্ৰাহক । যাৰ ফলত ৰাতিপুৱাৰে পৰা মঙলদৈ মাছৰ বজাৰত গ্ৰাহক ভিৰ পৰিলক্ষিত হৈছে ।উৰুকাত মাছৰ বজাৰত ভিৰ । মঙলদৈত থলুৱা মাছেৰে ভৰি পৰিছে মাছ বজাৰ। ৰৌ, ভকুৱা, চিতল, আৰি, বৰালি আদি ভিন ভিন মাছেৰে ভৰি পৰিছে বজাৰ।

উৰুকাৰ নিশা মাছে মাংসই এসাজ খোৱাৰ বাবে গ্ৰাহক ভিৰ কৰিছেহি মাছ বজাৰত। বজাৰত ওলাইছে ২৫-৩০কিলোগ্ৰাম ওজনৰ চিলভাৰ কাৰ্প,১৬-২০কিলোগ্ৰাম ওজনৰ বৰালি ১৫-২০কিলোগ্ৰাম ওজনৰ চিতল ,১৫-২০কিলোগ্ৰাম ওজনৰ আৰি,আৰু ১২-১৫কিলোগ্ৰাম ওজনৰ ভাকুৱা মাছ ।
একেদৰে ভাকুৱা মাছৰ দাম প্ৰতি কেজি১১০০-১২০০টকা, বৰালি প্ৰতি কেজি ১০০০-১২০০ টকা,আৰি মাছ প্ৰতি কেজি ১৪০০-১৫০০টকা,চিতল প্ৰতিকেজি ৮০০-১০০০ টকাকৈ কিনা বেছা দেখা পোৱা গৈছে।দাম বাঢ়িছে যদিও মাছ দেখি সন্তুষ্ট গ্ৰাহক।

ইফালে ভোগালীক আদৰাৰ বাবে সাজু হৈ উঠিছে মঙলদৈ বাসী । বিভিন্ন স্থানত ভেলাঘৰ,মেজি নিৰ্মানৰ লগতে হেলিকপ্তাৰ,ৰংঘৰ,টেক্টৰ, দিল্লীৰ যন্তৰ-মন্তৰ আৰ্হিৰ ভেলাঘৰ নিৰ্মান কৰি উলিয়াইছে স্থানীয় ৰাইজ সকলে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in