ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত পদক অৰ্জন মঙলদৈৰ দীক্ষিতাৰ…

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত পদক অৰ্জন মঙলদৈৰ দীক্ষিতাৰ…

ডিজিটেল সংবাদ, মঙলদৈঃ সপ্তম ৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ-পূৱ কাৰাটে প্ৰতিযোগিতাত মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ একাদশ শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা হাজৰিকাই ব্ৰঞ্জৰ পদক আজুৰি মঙলদৈ লৈ গৌৰৱ কঢ়িয়াই আনিছে৷ যোৱা ২৮-২৯ ডিচেম্বৰত খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয়ৰ আন্তঃদ্বাৰ ষ্টেডিয়ামত অনুস্থিত প্ৰতিযোগিতাখনত দীক্ষিতাই অৰুণাচলৰ প্ৰতিযোগীক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে৷

দীক্ষিতাই ১৬-১৭ বৰ্ষৰ ৪৮ কিঃগ্ৰাঃ শাখাত যোগদান কৰিছিল৷ দীক্ষিতাৰ এই সাফল্যত মঙলদৈ টাউন ক্লাৱ, দৰং ক্লাৱ আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে, দীক্ষিতা মঙলদৈৰ উদীয়মান ব্যৱসায়ী ৰাতুল হাজৰিকাৰ কন্যা ৷ উক্ত প্ৰতিযোগিতাত অসমৰ উপৰি উত্তৰ পূৱৰ আন ৰাজ্যৰ খেলুৱৈসকলেও অংশগ্ৰহণ কৰিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in