মঙলদৈৰ ৰামহৰিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত…

মঙলদৈৰ ৰামহৰিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত…
  • সোমবাৰে দৰঙৰ যুদ্ধবিৰত আলফাৰ মাজত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।
  • আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক টেক্টৰ চালকৰ ৰূপত দেখা গ'ল মঙলদৈত।
  • লগত সংগ দিলে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, আই জি পি হীৰেন নাথ আৰু ডি আই জি  ব্ৰজেনজিত সিংহই।
  • যুদ্ধ বিৰত আলফাৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ লোক সকলে নিজকে স্বাৱলম্বী কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে।
  • ডিএএছটি-আৰ (DAST-R) নামেৰে গঠন হোৱা সংগঠনটোৱে দৰং জিলাৰ ৰামহৰি, মহলীয়া পাৰা, চমুৱাপাৰাকে ধৰি বিভিন্ন স্থান জৈৱিক খেতি কৰি নিজকে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰি আছে।
  • উল্লেখ্য যে, অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ স্বাৱলম্বন আঁচনিৰ দ্বাৰা পৰিচালিত হৈ আছে এই DAST-R নামৰ সংস্থাটো।
  • সোমবাৰে এই সংস্থাটোৰ ঠাই সমূহ পৰ্যবেশন কৰি এটা গৃহ মুকলি কৰাৰ লগতে তিনিখন কৈ ট্ৰেক্টৰ প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
  • উল্লেখযোগ্য যে যোৱা বছৰ যুদ্ধ বিৰত আলফাৰৰ সদস্য সকলৰ উন্নয়নৰ বাবে এখন ছাগলীৰ ফাৰ্ম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুকলি কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in