মঙলদৈত সুকলমে পাৰ হ’ল বিজয়া দশমী…

মঙলদৈত সুকলমে পাৰ হ’ল বিজয়া দশমী…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত মঙলবাৰে বিজয়া দশমী আৰু দশেৰাৰ দিনটো বিশেষ কৰি তুলিলে । শাৰদীয় বতৰৰ অন্যতম উৎসৱ দুৰ্গা পূজাৰ শেষ দিন অৰ্থাৎ বিজয়া দশমী । বিজয়া দশমীৰ উপলক্ষে মঙলদৈৰ সকলো দুৰ্গা পূজা মণ্ডপস্থলীত পুৱা ভাগত পূজা অৰ্চনা অনুষ্ঠিত হয় ।

বিজয়া দশমী দুৰ্গা প্ৰতিমাক বিসৰ্জন দিয়া হয় সেয়ে ভক্ত সকল আৰু দুৰ্গা পূজা উদযাপন সমিতি সমুহে দূপৰীয়া প্ৰায় ২ মান বজাৰ পৰা নিজ নিজ প্ৰতিমাৰ থান সমুহ বিদায় দিবৰ বাবে মঙলদৈ জেব্ৰা ফৰ্চৰ কাষৰ প্ৰতিমা বিসৰ্জনস্থলীলৈ ঢোলে ডগৰে শোভাযাত্ৰা কৰি মঙ্গলদৈ চহৰৰ চাৰিওফালে ঘূৰাই লৈ আহে ।

সৰ্ব মুঠ ৬৪ খন দুৰ্গা পূজাৰ থান জেব্ৰা ফৰ্চৰ কাষৰ প্ৰতিমা বিসৰ্জনস্থলীত বিসৰ্জন দিয়ে । আনহাতে মঙলদৈৰ গান্ধীধাম পূজা সমিতিয়ে বিজয়া দশমীৰ অন্তত ধুম ধামেৰে উদযাপিত কৰে দশেৰা উংসৱ । প্ৰতীক ৰূপত সমাজৰ আসুৰিক প্ৰবৃত্তি বোৰ নিঃশেষৰ লক্ষ্যৰে প্ৰতিকী ৰাৱনক ৰাম ৰূপী মানুহৰ হাতৰেই ৰাৱনক জ্বলোৱা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in