মঙলবাৰে দৰঙত ৩২০৯ জন লোকক কোভিড ভেকচিন প্ৰদান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ একেটা দিনতে ৰাজ্যত ১ লাখতকৈ অধিক হিতাধিকাৰীক টীকাকৰণ কৰাৰ লক্ষ্যৰে স্বাস্থ্য বিভাগে আয়োজন কৰা মেগা কোভিড টীকাকৰণ অভিযানৰ অধীনত মঙলবাৰে দৰঙতো অনুষ্ঠিত কৰা হয় কোভিড টীকাকৰণ। জিলাখনৰ ৬১ খন চৰকাৰী চিকিৎসালয়ত কৰা এই টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে মঙলবাৰে জিলাখনৰ ৩২০৯ জন লোকক টীকা প্ৰদান কৰা হয়।

ইয়াৰে ২৪৫৭ জন ৬০ বছৰ ঊৰ্ধৰ লোক হোৱাৰ বিপৰীতে ৩৮৪ জন আনুষংগিক ৰোগত আক্ৰান্ত ৪৫ বছৰৰ পৰা ৫৯ বছৰৰ লোক। আনহাতে, ১৮৭ জন স্বাস্থ্য কৰ্মী আৰু ১৮১ জন ফ্ৰন্টলাইন কৰ্মীয়েও এই টীকা লাভ কৰে মঙলবাৰৰ দিনটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in