‘অগ্নিপথ’ আঁচনিৰ বিৰুদ্ধে মঙলদৈ কংগ্ৰেছৰ সংবাদ মেল…

‘অগ্নিপথ’ আঁচনিৰ বিৰুদ্ধে মঙলদৈ কংগ্ৰেছৰ সংবাদ মেল…

ডিজিটেল সংবাদ মঙলদৈঃ ৰাজ্যখন বানপানীৰ কৱলত থকাৰ সময়তে দৰং জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ 'অগ্নিপথ' আঁচনিৰ বিৰোধীতা কৰি এক সংবাদ মেল অনুষ্ঠিত কৰে। দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ ওলোৱা আৰু দেশৰ নিৰাপত্তাকলৈ সংশয় সৃষ্টি কৰা বুলি দৰং যুৱ কংগ্ৰেছৰ শেস আব্দুলাই।

মঙলদৈ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এই সংবাদ মেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক কন্দৰ্প কলিতা, দৰং জিলা কংগ্ৰেছৰ সভাপতি কামিনি ডেকা, দৰং কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি চৰিফুল হককে ধৰি বহু কেইজন জিলাৰ বিষয়ববিয়া। সংবাদ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মহম্মদ বিন টোঘলগৰ লগত তুলনা কৰে। অগ্নিপথ আঁচনিখনো এখন টোঘলকি আইন বুলি আখ্যা দিয়ে কংগেছে। এই আঁচনিখন বাতিল কৰিবলৈ দাবী জনায় এই সংবাদ মেল যোগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in