বঞ্চিত হোৱাৰ পথত মঙলদৈ মহাবিদ্যালয়ৰ যোগ্য বিবেচিত ঈশান উদয় স্কলাৰশ্বিপ আবেদনকাৰী শিক্ষাৰ্থী…

বঞ্চিত হোৱাৰ পথত মঙলদৈ মহাবিদ্যালয়ৰ যোগ্য বিবেচিত ঈশান উদয় স্কলাৰশ্বিপ আবেদনকাৰী শিক্ষাৰ্থী…

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ মহাবিদ্যালয়ৰ বৰ্তমানৰ তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী তথা ইউ.জি.চি. ঈশান উদয় স্কলাৰশ্বিপ ফৰ্ নৰ্থ ইষ্ট'ৰ ২০১৯-২০ বৰ্ষৰ আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰে সম্পূৰ্ণ বঞ্চিত হোৱাৰ পথত। একে বৰ্ষৰে আন আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহতে বৃত্তিৰ ধন আদায় পালে। মঙলদৈ মহাবিদ্যালয়ৰ প্ৰায় ৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ইতিমধ্যে Institution Level Verification তথা Ministry Level ভেৰিফিকেশ্বনো সম্পন্ন হৈ গৈছিল। বৰ্তমান তেওঁলোকৰ আবেদন ষ্ট্ৰেট' ন'ডেল অফিচাৰৰ Re-Validation ৰ বাবে স্থগিত হৈ আছে।

উল্লেখ্য যে যোৱা বছৰৰ ছেপ্তেম্বৰ মাহৰ পূৰ্বৰে পৰা স্থগিত হৈ থকা বাবে পৰৱৰ্তী বৰ্ষৰ বাবে renewal পৰাও বঞ্চিত হ'ল এইসকল ছাত্ৰ-ছাত্ৰী। ইতিমধ্যে বঞ্চিত এইসকল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পক্ষত থিয় দিছে মঙলদৈ মহাবিদ্যালয় আছু গোট। ৯ ছেপ্তেম্বৰ ২০২১ তাৰিখে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ ৪ জনীয়া প্ৰতিনিধিৰ দল ক্ৰমে ভাৰপ্ৰাপ্ত সভাপতি দীপাঙ্কৰ ওজা, সাধাৰণ সম্পাদক অনুপম ভৰদ্বাজ, সদস্য খুৰছিদ আলম আৰু ৰাহুল আজিজে শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

শিক্ষামন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ছোৱাত গোটক সংগ দিয়ে মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ডেকাই। শিক্ষামন্ত্ৰী গৰাকীয়ে ইতিমধ্যে আছু গোটক বিষ‌টো গুৰুত্ব সহকাৰে লৈ মন্ত্ৰণালয়ক অৱগত কৰাৰ আশ্বাস প্ৰদান কৰিছে। লগতে প্ৰতিনিধি দলটোৱে মঙলদৈ মহাবিদ্যালয়ৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে দৰং জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ ভিন্ন দিশ আলোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in