মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন…

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩  চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা। জিলা স্বাস্থ্য বিভাগে সোমবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে, সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ জনকৈ চিকিৎসকক ধৰি ১৮ জন আক্ৰান্ত হৈছে কোভিডত। ইয়াৰ ভিতৰত দুটি ৭ আৰু ৯ বছৰীয়া শিশুও আছে।

নতুনকৈ আক্ৰান্ত হোৱা চিকিৎসক ৩ জন ক্ৰমে- ডা: বিনোদ কলিতা, ডা: যদুমণি কটকী আৰু ডা: হৰজ্যোতি ডেকা। ডা: যদুমণি ডেকা আৰু ডা: বিনোদ কলিতা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ত কৰ্মৰত হৈ থকাৰ বিপৰীতে ডা: হৰজ্যোতি ডেকা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ স্ত্ৰী আৰু প্ৰসূতি বিভাগৰ চিকিৎসক।

সম্প্ৰতি আটাইকেইজন আক্ৰান্তক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক কেইগৰাকী বহি: সেৱাৰ কক্ষৰ লগত সততে সংস্পৰ্শত থকাৰ বাবে বহি: সেৱা বিভাগটো সাময়িক ভাৱে স্থানান্তৰ কৰা হৈছে নগৰীয়া স্বাস্থ্য কেন্দ্ৰলৈ (Urban Health Center) । অৱশ্যে জৰুৰীকালীন সেৱা আগৰ দৰেই অব্যাহত থাকিব।

ইফালে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ শ্লেষ্মাৰ নমুনা সোমবাৰে সংগ্ৰহ কৰা হয়। আক্ৰান্ত লোকসকলৰ লগত সংস্পৰ্শলৈ অহা ব্যক্তিসকলকো চিনাক্ত কৰি তেওঁলোকৰ শ্লেষ্মাৰ নমুনা সংগ্ৰহ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in