বুঢ়াকাণ্ডৰ অপহৃতা যুৱতীৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ অপৰাধত এজনক আটক, অব্যাহত সোধ-পোছ…

বুঢ়াকাণ্ডৰ অপহৃতা যুৱতীৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ অপৰাধত এজনক আটক, অব্যাহত সোধ-পোছ…

ডিজিটেল সংবাদ, মঙলদৈঃ অসম জোকাৰি যোৱা বুঢ়াকাণ্ডৰ অপহৃতা যুৱতী গৰাকীৰ আপত্তিজনক ফটো ছ'চিয়েল মেডিয়াত আপলোড কৰাৰ অপৰাধত দৰং আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰে এজন লোকক । আটক কৰা লোকজন ধুলাৰ পানীয়াখাট গাঁৱৰ চাহিজ হাজৰিকাৰ পুত্ৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ।

যুৱকজনে ওজা হাজৰিকা নামেৰে ভুৱা একাউন্ট খুলি ফেছবুকত আপলোড কৰিছিল যুৱতী গৰাকীৰ কেইবাখনো আপত্তিজনক ফটো ৷ ছ'চিয়েল মেডিয়াত বুঢ়া কাণ্ডৰ মন্তব্য আৰু ফটো সন্দৰ্ভত ৰাইজক সংযম হ'বলৈ দৰং আৰক্ষীয়ে আহ্বান জনাইছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in