সেৰেঙা ভক্তৰ উপস্থিতত আড়ম্বৰতা অবিহনে মঙলদৈত বিজয়া দশমী…

সেৰেঙা ভক্তৰ উপস্থিতত আড়ম্বৰতা অবিহনে মঙলদৈত বিজয়া দশমী…

ডিজিটেল সংবাদ,মঙলদৈ : ষষ্ঠীত প্ৰতিষ্ঠা কৰা মা দুৰ্গাক দশমীত সোমবাৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে । মঙলদৈৰ মঙলদৈ নদীৰ বিসৰ্জন ঘাটত কোনো আড়ম্বৰতা অবিহনে দুৰ্গাক বিদায় দিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । আন আন বাৰৰ তুলনাত এইবাৰ যথেষ্ট কম আয়োজক কমিটিয়ে মঙলদৈ নদীৰ মুখ্য ঘাটলৈ দেৱী বিসৰ্জন দিবলৈ লৈ অনা পৰিলক্ষিত হয় ।

আন আন বছৰৰ বিজয়া দশমী ৪০-৪৫ খন পূজা উদযাপন সমিতিয়ে মঙলদৈৰ মঙলদৈ নদীৰ প্ৰতিমা বিসৰ্জন ঘাটত প্ৰতিমা বিসৰ্জন হৈছিল যদিও এই বেলি দেশত কোৰোনা মহামাৰিৰ প্ৰদুভাৱৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনা ভিতৰত দূৰ্গ পূজা অনুস্থিত হোৱাৰ বাবে বহু পূজা সমিতিয়ে নামমাত্ৰ পূজাৰ ৰীতি নীতি কৰে। মঙলদৈ নদীৰ প্ৰতিমা বিসৰ্জন স্থলিত আবেলি ৫ বজাৰ লগে লগে প্ৰতিমা বিসৰ্জন সামৰনী হয় ।

সোমবাৰৰ দিনটোত দহ খনতকৈও কম স‌ংখ্যক প্ৰতিমাহে বিসৰ্জন ঘাটত বিসৰ্জন দিয়ে।কোভিডৰ নীতি নিয়ম মানি এইবাৰ বিজয়া দশমীৰ দেৱী বিসৰ্জন ঘাটত ভক্তৰ ভিৰ নাই । ইয়াৰোপৰি প্ৰতিমা বিসৰ্জন ঘাটত দৰং জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ ,এন ডি আৰ এফ ৰ কটকতীয়া নিৰাপত্তা ব্যৱস্থা দেখিবলৈ পোৱা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in