সদৌ অসম আশাকৰ্মী সন্থাৰ কৰ্মবিৰতি‌, মঙলদৈতো পালন সৰ্বাত্মক ৰূপত…

সদৌ অসম আশাকৰ্মী সন্থাৰ কৰ্মবিৰতি‌, মঙলদৈতো পালন সৰ্বাত্মক ৰূপত…

ডিজিটেল সংবাদ, মঙলদৈঃ সদৌ অসম আশাকৰ্মীৰ সন্থাই ছয় দফীয়া দাবীৰ সমৰ্থনত যোৱা ৬ জানুৱাৰীৰ ২০২১ তাৰিখৰ ৰ পৰা ২০ জানুৱাৰীৰ ২০২১ তাৰিখলৈ এক সবাত্মক কৰ্মবিৰতি ঘোষণা কৰিছে।

অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনৰ NHMত বিগত প্ৰায় ১০ টা বছৰে কৰ্মৰত হৈ থকা আশাকৰ্মী সকলে NHMৰ আন কৰ্মীচাৰী সকলৰ দৰে নিযুক্ত পত্ৰ প্ৰদানৰ ব্যৱস্হা কৰা, আশাকৰ্মী সকলক উপযুক্ত মজুৰী দিয়া ব্যৱস্হা গ্ৰহণ কৰা, ইতিপূৰ্বে অসম চৰকাৰে ঘোষণা কৰা ২০১৩ বৰ্ষৰ পৰা ২০১৭ বৰ্ষলৈ দিবলগীয়া বকেয়া ধন ৰাশি অতি শীঘ্ৰে মোকলাই দিয়া, ২০১২-১৩ বৰ্ষত প্ৰতি গৰাকী আশাকৰ্মীৰ এলেকাত অনাময় সমিতিত প্ৰদান কৰা ১০ হাজাৰ টকাটো সম্পূৰ্ণ কৈ প্ৰদান কৰা, প্ৰতিগৰাকী আশা কৰ্মীৰ নামত অটল অমৃত আৰু আয়ুষ্মান ভাৰত নামৰ চিকিৎসা জনিত কাৰ্ড দিয়া ব্যৱস্থা কৰা, আশাকৰ্মী সকলৰ পেঞ্চনৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত এই সবাত্মক কৰ্মবিৰতি ঘোষণা কৰিছে।

সদৌ অসম আশাকৰ্মী সন্থাৰ দৰং জিলাৰ সমিতিয়ে মঙলদৈ অসামৰিক চিকিৎসালয় ৰ প্ৰাংগনত আমাৰ দাবী মানিবই লাগিব, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। কৰ্মবিৰতি স্থলিত উপস্থিত সাংবাদিকক এই আশাকৰ্মী সকলে জনাই যে প্ৰতিখন জিলাতে আশাকৰ্মীসকলে এই কৰ্ম বিৰতি ঘোষণা কৰিছে। নিৰ্দিষ্ট সময় ২০ জানুৱাৰীৰ পিছতো যদি চৰকাৰে এই আশাকৰ্মী সকলৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে উল্লেখিত দাবী সমুহ পুৰন নকৰে তেনেহলে অনিৰ্দিষ্ট কাললৈ এই কৰ্ম বিৰতি চলাই যাব বুলি ঘোষনা কৰে আশাকৰ্মী সকলে ।

উল্লেখযোগ্য যে, কেৱল মাত্ৰ মাক আৰু সন্তানৰ মৃত্যু ৰ হাৰ কমোৱাৰ উদ্দেশ্যে পোনপ্ৰথমে এই আশাকৰ্মী সকলক নিয়োজিত কৰা হৈছিল যদিও ক্ৰমে ক্ৰমে এতিয়া এই আশাকৰ্মী সকলৰ ওপৰত বিভাগে ৭২ টা কাম জাপি দিছে যদিও চৰকাৰে এই আশাকৰ্মী সকলৰ কোনো সুনিৰ্দিষ্ট সা সুবিধা নিদিয়া ৰ অভিযোগ তুলি যদি এই আশাকৰ্মী সকলৰ দাবীসমূহ পূৰণ নকৰে সমগ্ৰ অসমত নিয়ুজিত হৈ থকা ৩১ হাজাৰ আশাকৰ্মীয়ে আগন্তুক বিধান সভা নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলিও জনায়।

আনহাতে, আশাকৰ্মীৰ সন্থাই কৰ্মবিৰতি ৰূপায়ণ কৰি থকা বাবে প্ৰসুতি জনিত ৰোগী,নৱজাতকৰ টিকাকৰণ আদি চিকিৎসা জনিত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।এই ক্ষেত্ৰত চৰকাৰ কিম্বা বিভাগীয় কতৃপক্ষই কি দৰে মোকামিলা কৰিব সেয়া অনাগত সময়ত হে পৰিস্ফুট হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in