মঙলদৈত ছাত্ৰ সন্থাৰ কেব বিৰোধী বাইক ৰেলী

মঙলদৈত ছাত্ৰ সন্থাৰ কেব বিৰোধী বাইক ৰেলী

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীত মঙলদৈ ছাত্ৰ সন্থাই "বাইক ৰেলী" কাৰ্যসূচীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দি কয় যে, "জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কখন কোনো কাৰণতে গ্ৰহণ নকৰো। এইখন অসম আমাৰ। এইখন অসম আমাৰ হৈ থাকিব লাগিব। এইখন অসমত খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ থাকিবই লাগিব৷ অসমত অবৈধ বাংলাদেশীৰ দপদপনি নচলিব। অসম চুক্তি ৰূপায়ণ হবই লাগিব৷ অসমত বিজেপিৰ দালালৰাজ বন্ধ কৰিবই লাগিব।"

উক্ত কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি দিগন্তমণি বড়াই মুকলি কৰে আৰু লগত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কায্যনিৰ্বাহক সদস্য অৰূপ কলিতা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীৰ লগতে বহুকেইজন জিলা কায্যনিৰ্বাহক সদস্য উপস্থিত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in